অসমশীৰ্ষ

কচুগাঁও বন বিভাগৰ অভিযানত পাঁচ লক্ষাধিক টকাৰ শাল কাঠৰ কুণ্ডা সহ দুখন ভূটানৰ বাহন জব্দ

প্ৰথম খবৰ, গোসাঁইগাঁও: কচুগাঁও বন বিভাগৰ অভিযানত যোৱা নিশা দুখন ভূটানৰ আইছা’ৰ ট্ৰাক সহ বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা কাঠৰ কুণ্ডাসমূহৰ বজাৰ মূল্য প্ৰায় পাঁচ লক্ষাধিক হ’ব৷ জানিব পৰা মতে, গোসাঁইগাঁও মহকুমাৰ ভাৰত ভূটান সীমান্তৰ সৰাইবিল এলেকাৰ মাৰুৱাপাৰাত কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ চেন্ট্ৰেল ৰেঞ্জৰ ফৰেষ্টাৰ ৱান প্ৰাঞ্জল তালুকদাৰৰ নেতৃত্বত যোৱা বন কৰ্মী আৰু গ্ৰীণ ফৰেষ্ট কণঞ্জাৰ্ভেচন নামৰ এন জি অ’ৰ যৌথ দলে যোৱা নিশা অভিযান চলাই৷

এক বিশেষ সুত্ৰৰ পম খেদি চলোৱা অভিযানত মাৰুৱাপাৰাত বি পি-২এ/ ৮৯৮৪ আৰু বিপি-২এ/ ৩৩৯০ নম্বৰৰ ভূটানৰ আইছাৰ ট্ৰাকত শাল কাঠৰ প্ৰকাণ্ড কুণ্ডা সমূহ জব্দ কৰিবলৈ সক্ষম হয়৷ ইপিনে দুৰ্গম মাৰুৱাপাৰা এলেকাৰ পৰা আজি ৰাতিপুৱা জব্দকৃত কাঠ সহ ট্ৰাক দুখন কচুগাঁওস্থিত চেণ্ট্ৰেল ৰেঞ্জৰ কাৰ্যালয়লৈ লৈ অনা হয়। জব্দ কৃত শাল কাঠৰ কুণ্ডাসমূহৰ বজাৰ মূল্য প্ৰায় পাঁচ লক্ষাধিক হ’ব বুলি বনকৰ্মীয়ে অনুমান কৰিছে ৷ আনহাতে উক্ত অভিযানত কোনো এজন চোৰাং ব্যৱসায়ীকে বন বিভাগে আটক কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে, ভূটান নম্বৰৰ আইছাৰ ট্ৰাক ব্যৱহাৰ কৰি চোৰাং কাঠ মাফিয়াই দীৰ্ঘদিন ধৰি অবৈধভাৱে মূল্যৱান কাঠৰ কুণ্ডা সমূহ পা কৰি আহিছে আৰু ইয়াৰ পূৰ্বেও একুৰিৰো অধিক ভূটানৰ ট্ৰাক সহ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে যদিও ভূটান নম্বৰৰ এই ট্ৰাকসমূহ কিদৰে কচুগাঁও বনাঞ্চলত প্ৰৱেশ কৰিব পাৰে তাকে লৈ সচেতন মহলত প্ৰশ্নৰ উদ্ৰেগ হৈছে।

 

Related Articles

Leave a Reply

Close