অসমশীৰ্ষ

কচুগাঁৱত টাটা চুম’ সহ এক লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

প্ৰথম খবৰ, গোসাঁইগাঁও: কচুগাঁও বন সংমণ্ডলৰ অধিনস্থ ইছলামপুৰ-গংগীয়া গাঁৱত যোৱা নিশা বন বিভাগ আৰু  গ্ৰীণ ফৰেষ্ট কনচাৰৰ্ভেচন এন জি অ’ৰ যৌথ অভিযানত এক লক্ষাধিক টকাৰ শাল কাঠ সহ এখনত টাটা চুম’ জব্দ কৰিবলৈ সক্ষম হয়।

বন বিভাগৰ সুত্ৰত জানিব পৰা মতে, যোৱা নিশা কচুগাঁও বন সংমণ্ডলৰ চানফান ৰেঞ্জ আৰু গ্ৰীণ ফৰেষ্ট কঞ্জাৰভেচ্‌ন নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত নৈশ তহল দি থকা সময়ত ইছলামপুৰ গংগীয়া গাঁৱৰ মাজত AS 01CC/3789 নম্বৰৰ টাটা চুমো গাড়ীখন প্ৰত্যক্ষ কৰে৷ উক্ত সময়ত বন বিভাগৰ দলটোৱে গাড়ীখনৰ কাষ চাপি অহাত চোৰাং ব্যৱসায়ী সকলে গাড়ী এৰি ঘটনাস্থলীৰ পৰা পলায় পত্ৰং দিয়ে৷ বন কৰ্মীৰ দলে গাড়ীখন তালাচী কৰাত গাড়ী খনত অতি কৌশলেৰে সৰবৰাহ কৰিবলৈ লোৱা প্ৰায় এক লক্ষাধিক টকাৰ শাল কাঠৰ বাটাম জব্দ কৰে৷

উল্লেখ্য যে, চোৰাং কাঠ ব্যৱসায়ীসকলে এনেদৰেও যাত্ৰী বাহী বাহনত চোৰাং কাঠ সৰবৰাহ কৰি আহিছে৷ দীৰ্ঘদিন ধৰি চলা অবৈধ চোৰাং ব্যৱসায়ীয়ে বন কৰ্মীৰ চকুত ধুলি দি চোৰাং কাঠ সৰবৰাহ অব্যাহত ৰাখিছে৷

Related Articles

Leave a Reply

Close