গল্পসাহিত্য

কল্পনা

ইনু এণ্ডাৰছন:

চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালি দুডাল সৰলৰেখাৰ ওপৰেৰে
আগুৱাই গৈছে নিশাৰ ‘ট্ৰেইন’খন। ঘৰত মোৰ বিয়াৰ কথা বাৰ্তা চলি আছে। সেয়ে
ঘৰ মানে গুৱাহাটীলৈ গৈ আছোঁ। কলকাতাৰ পৰা ট্ৰেইনত উঠিছো। মোৰ কোঠাটোত থকা মানুহকেইজনৰ লগত আড্ডা মাৰি ভালদৰেই সময়বোৰ পাৰ কৰিলোঁ। কিন্তু সকলোবোৰ এটা এটাকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলো। নিশাৰ অন্ধকাৰে মোক গ্ৰাহ কৰি পেলালে।

মই নামিম একেবাৰে শেষ ষ্টেছনত। সেয়ে ভাৱিলো এঘুমটি মাৰি
লওঁ। কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্য স্থান পাম। নিদ্ৰাদেৱীৰ কোলাত অলপ
সময় শুইছিলোহে, হঠাৎ জোৰকৈ দিয়া জোকাৰণি এটাৰে ট্ৰেইনখন ৰৈ গ’ল। কিবা এটা
বুজি পোৱাৰ আগতেই দেখা পালোঁ এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। এন্ধাৰ
বাবে ছোৱালীজনীক ভালকৈ দেখা নাপালো। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়েই খাইছিলো। ডকাইতৰ দলেই ট্ৰেইনখন ৰখালে কিজানি! এই ঠাইখনত প্ৰায়ে বোলে ডকাইতে ট্ৰেইন ৰখাই ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে।

যিয়েই নহওক ট্ৰেইন খন আকৌ চলিব ধৰাত ময়ো যেন বাচি গলোঁ
ভাৱেৰে স্বস্তিৰ নিশাহ এটা এৰি দিলো। এইবোৰ ভাৱি থাকোতেই কাষতে বহা
ছোৱালীজনীৰ ফালে এবাৰো চোৱাৰ সুযোগ পোৱা নাই। সুযোগ পালেও বাৰু চাম
কেনেকৈ! চাৰিওফালে ভীষণ অন্ধকাৰ। হঠাৎ মোৰ জন্মগত
সম্পদ লাজটো লাগিল। লাজ পোৱাৰ কাৰণটো হ’ল, এজনী ছোৱালীৰ সৈতে মই এটা
কোঠালীত অকলশৰে আছোঁ। তাকো আকৌ এন্ধাৰৰ মাজত।
যিয়েই নহওক, নিজকে অলপ সহজ কৰিবলৈ পকেটৰ পৰা মোবাইলটো উলিয়াই উদ্দেশ্য বিহীনভাৱে মোবাইলৰ  স্ক্রিনত আঙুলিবোৰ উঠা নমা কৰি থাকিলোঁ।

অকস্মাত বেটাৰী ল’ বুলি দেখুৱাই মোবাইলটো বন্ধ হৈ থাকিল। ভাবিলো চাৰ্জ শেষ হৈ গ’ল। কিন্তু আহোঁতে দেখোন ফুল চাৰ্জ কৰি লৈ আহিছিলোঁ। অলপ সময় ভোৰভোৰাই আকৌ মোবাইলটো পকেটত থৈ দিলো। কোঠাটোলৈ আকৌ অন্ধকাৰ নামি আহিল।
ছোৱালীজনীয়েই প্ৰথমতে নিৰৱতা ভাঙিলে।
: মই বৃষ্টি ।  — তাই ক’লে। বৰ মিঠা তাইৰ কণ্ঠ।
মই ক’ব খুজিছিলো যে মই নিয়ৰ। কিন্তু আচৰিত হৈ লক্ষ্য কৰিলো যে মোৰ কণ্ঠটো
ডিঙিত লাগি আছে আৰু মই ঘামি গৈছো। ক’বলৈ বহুত চেষ্টা কৰিলোঁ যদিও ক’ব
নোৱাৰিলোঁ। বুজিলো লাজ আৰু ভয়ৰ বাবেই হয়তো এনে হৈছে। তথাপি মই নিজকে সহজ কৰিবলৈ যেন একো হোৱা নাই এনে এটা ভাৱেৰে অলপ হাঁহিলো। তাই মোৰ অৱস্থা বুজিলে নে নুবুজিলে নেজানো। কিন্তু তাই বেগৰ পৰা মম এডাল উলিয়াই জ্বলালে। মই আচৰিত হৈ লক্ষ্য কৰিলোঁ।  ডবাটোত বতাহ থকা স্বত্ত্বেও সেই বতাহে মমডালৰ জ্বলোতে কোনো অসুবিধাৰ সৃষ্টি কৰা নাই।
এইবাৰ ছোৱালীজনীৰ ফালে চকু দিলো। সিমান বগা নহয় যদিও
বৃত্তাকাৰ মুখমণ্ডল, জোঙা নাক……আৰু বৰ্ণনা দিব নোৱাৰিম। এক কথাত ক’বলৈ
গ’লে মায়াৰ দেৱী। চালেই মনটো ভাল লাগি যায়। লাহে লাহে দুই এটা কথা কওঁতে
কওঁতে পৰিস্থিতিটো সহজ হৈ আহিল। দুয়োজনেই হাঁহি – তামচা কৰি সময়বোৰ
অতিবাহিত কৰিব ধৰিলো। লক্ষ্য কৰিলো। তাইৰ শৰীৰৰ পৰা অদ্ভুত ধৰণৰ এটা নিচা
লগা সুগন্ধি উলাইছে। বৰ নিচা লগা সুগন্ধি।

তাইৰ কথা ভাৱি ভাৱি কেতিয়া যে শুই পৰিছিলোঁ – ক’ব নোৱাৰো।
শেষ ৰাতি টোপনি ভগাত বৃষ্টিক বিচাৰিলো। নেদেখিলো তাইক। খালি কোঠাটোত তাইৰ
ঠাইত পৰি আছে – তাই জ্বলোৱা মমবাতিটোৰ অৱশিষ্ট অংশ। ট্ৰেইনখনো মোৰ
গন্তব্য স্থান পালেহি। তাইৰ এড্ৰেছটোও লোৱা নহ’ল। ফোন নম্বৰটোও নললোঁ।

টিকট নিৰিক্ষক জনক সুধিলো —
: এই ডবাটোত মোৰ কাষত যে এজনী ছোৱালী বহিছিল, তাই ক’ত গ’ল?
: তাততো কোনো নাছিল। মই কেইবাবাৰো এইফালেদি অহা যোৱা কৰোতে আপোনাক অকলশৰে কথাকৈ থকা দেখিছো। ভাৱিলো হয়তো ফোনত কথা পাতি আছে। সেয়ে একো সোধা নাছিলোঁ। — টিকট নিৰিক্ষকজনে মোৰ প্ৰশ্নত আচৰিত হৈ ক’লে।
মই নিৰ্বাক হৈ পৰিলোঁ। মই জনাত বৃষ্টি ট্ৰেইনত উঠাৰ অলপ সময় পিছৰ পৰাই
মোৰ মবাইলটো বন্ধ হৈ আছে। পকেটৰ পৰা মোবাইলটো উলিয়াই অন কৰিলোঁ। এয়া কি ?
— এতিয়াও দেখোন আধা চাৰ্জ আছেই!

নুবুজিলো এইবোৰ কি হৈ গ’ল মোৰ লগত। মই কি সপোন দেখিছিলো নেকি? যদি সপোনেই হয় তেন্তে মমবাতিৰ অৱশিষ্ট অংশ ক’ৰ পৰা আহিল? এইবোৰ কেনেকৈ সম্ভৱ?

এইবোৰ ভাৱোতে ভাৱোতে কেতিয়া যে ঘৰ পালো গমেই নাপালো। গা-পা ধুই ভাত খাই
শুই পৰিলোঁ। সপোনত বৃষ্টিক চালোঁ। তাই হাঁহিছে আৰু তাইৰ মায়াভৰা মুখখনে
মোক অপাৰ্থিৱ সুখেৰে ভৰাই তুলিছে। টোপনিৰ পৰা উঠি গোটেই দিন বৃষ্টিৰ কথা
ভাৱিয়েই কটালো। হয়তো মই বৃষ্টিৰ প্ৰেমত পৰিছোঁ। কিন্তু বাস্তৱত বৃষ্টিৰ
কোনো অস্তিত্ব আছে জানো?
প্ৰশ্নটো বাৰে বাৰে মোৰ মগজুত ঘূৰ-পাক খাই থাকিল।

যি কি নহওক, ঘৰলৈ আহিছো ছোৱালী চাবলৈ। কাইলৈ বোলে ছোৱালী
চাবলৈ যাব। মোৰ মনটোৱে যাব খোজা নাই। বাৰে বাৰে বৃষ্টিৰ কথা মনলৈ আহিছে।
ঘৰৰ সকলোৱে জোৰকৈ ছোৱালী চাবলৈ লৈ গ’ল। দেউতা,মা আৰু
ভন্টিৰ ভীষণ পছন্দ হৈছে। এতিয়া মাথোঁ মোৰ মতামত লাগে।

ছোৱালী জনীৰ ফালে চোৱাৰ লগে লগেই মোৰ চকু কপালত উঠিল। এয়া!
এয়া দেখোন বৃষ্টি!
মোৰ সমগ্ৰ শৰীৰেৰে এটা আনন্দৰ সোঁত বৈ গ’ল। কিন্তু ছোৱালী জনী দেখোন
নিৰ্বিকাৰ ভাৱে বহিয়েই আছে। যেন আগতে মোক কেতিয়াও দেখাই নাই। মোৰ সন্দেহ
হ’ল — এয়া বৃষ্টিয়েইনে?

ভন্টিক কৈ অকলশৰীয়াকৈ লগ ধৰি কথা কোৱাৰ ব্যৱস্থা
কৰিলোঁ। তাই তাইৰ নাম বৰ্ষা বুলি ক’লে।
তাইক সুধিলো —
: মোক আগতে কেতিয়াবা দেখিছানে?
তাই মূৰটো লৰাই দেখা নাই বুলি উত্তৰ দিলে।
: মই হয়তো তোমাক ট্ৰেইনত দেখিছোঁ। — মই প্ৰশ্নটো অলপ বেলেগকৈ সুধিলো।
: মইতো কেতিয়াও ট্ৰেইনত উঠাই নাই। — তাই ক’লে।
আৰু কিবা ক’বলৈ গৈও নকলো। অইন কিবা ভাৱিব পাৰে। মই আৰু একো নকলো।

কোনো বস্তু এবাৰ দেখিলেহে পিছত কল্পনা কৰি বস্তুটো আকৌ
চাব পাৰি। কিন্তু বৃষ্টিৰূপী বৰ্ষাক মইতো কেতিয়াও দেখা নাছিলোঁ। তেন্তে
ট্ৰেইনত মোৰ সৈতে সেইজনী কোন আহিল। নে মোৰ কল্পনা শক্তি ইমানেই প্ৰবল যে
মই তাইক আগতেই কল্পনাৰ চকুৰ চালো। এইটো অলৌকিক নহয়নে? কোনো উত্তৰ মই
নাজানো।

এদিন বৰ্ষাৰ লগত মোৰ বিয়া হৈ গ’ল। সেই মায়াভৰা মুখখনৰ গৰাকী এতিয়া মই।
এতিয়া মাজ নিশা, খিৰিকীৰে জোৰেৰে বতাহ বৈ আহিছে। বৰ্ষা নিদ্ৰাদেৱীৰ কোলাত
বৰ শান্তিৰে শুই আছে। যেন মোৰ কল্পনাৰ বৃষ্টিৰ আন এটা কপি। এয়া অলৌকিক
নহয় যদি কি?
মই দীঘল হুমুনিয়াহ এটা এৰি দি শুবলৈ গ’লো — মোৰ কল্পনাৰ বৃষ্টিৰূপী
বাস্তৱ বৰ্ষাৰ কাষত।

Related Articles

1 thought on “কল্পনা”

Leave a Reply

Check Also

Close
Close