অসমশীৰ্ষ

কাকপথাৰত বিদ্যুৎস্পৃষ্ট হৈ দুজনৰ মৃত্যু

প্ৰথম খবৰ,কাকপথাৰ : অসমৰ বিভিন্ন ঠাইত বিদ্যুৎস্পৃষ্ট হৈ সাধাৰণ জনতা মৃত্যু হৈ অহাৰ সময়তে যোৱা কালি হোৱা এটা ঘটনাই দুজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিলে ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তগত গন্ধৈগুৰী হাঁহখাটি গাৱঁত যোৱা কালি নিশা টেলিভিছন বিস্ফোৰণৰ ফলত থিতাতে দুজন লোকৰ মৃত্যু হৈছে ৷ মৃত লোক দুজনৰ নাম অম্বেশ্বৰ মৰাণ(৩৫) আৰু কুশ কিসান(৩২) বুলি জানিব পৰা গৈছে ৷ এটা ঘৰৰ ভিতৰত দুইজনে বহি টিভি চাই থকা সময়তে অকস্মাতে টিভিটো বিস্ফোৰিত হোৱাত ঘৰৰ ভিতৰতে পুৰি ছাই হৈ যায় দুয়োজনৰ শৰীৰ ৷ ঘটনাতো ইমানেই ভয়ানক আছিল যে টিভিৰ বিস্ফোৰণৰ শব্দ বহু দূৰলৈ শুনিবলৈ পোৱাৰ লগতে ঘৰৰ ভিতৰত ফুটাকঢ়ি এটাও পাবলৈ সক্ষম নহল স্থানীয় ৰাইজ ৷ মৃতদেহ দুটা বৰ্তমান মৰোণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

Related Articles

Leave a Reply

Close