অসমশীৰ্ষ

কাজিৰঙাত পুনৰ বান : বন্যপ্ৰাণীৰ হাহাকাৰ অৱস্থা

প্ৰথম খবৰ,কাজিৰঙা: দ্বিতীয়টো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ সম্প্ৰতি উদ্যানৰ ৪৫% এলেকা প্লাৱিত হৈছে যদিও অনাগত ৪৮ ৰ পৰা ৬০ ঘন্টাৰ ভিতৰত উদ্যান সম্পূৰ্ণৰূপে প্লাৱিত হৈ ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ ইতিমধ্যে উদ্যানৰ ৮৫ টা বনশিৱিৰৰ চাঙৰ তলেদি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী ব’ব ধৰিছে ৷ ফলত উদ্যানৰ একাংশ বন্যপ্ৰাণী উদ্যানৰ বাহিৰলৈ ওলাই অহাৰ বিপৰীতে একাংশ বন্যপ্ৰাণী উদ্যানৰ অন্তৰ্ভাগৰ হাইলেণ্ডসমূহত আশ্ৰয় লৈছে ৷ বনবিভাগে বানৰ স’তে মোকাবিলা কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰি আজিৰে পৰা উদ্যানৰ দক্ষিণেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ডৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ ইতিমধ্যে যান বাহনৰ গতিবেগ সীমিত কৰিবৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷
ইফালে, উদ্যানৰ বানৰ কৱলত পৰি উদ্যানৰ বাহিৰলৈ ওলাই অহা দুটাকৈ হৰিণা উদ্ধাৰ কৰা হৈছে ৷ উদ্যানৰ কাষৰীয় কাজিৰঙাৰ জাপৰিপথাৰ গাঁওৰ পৰা উদ্ধাৰ হোৱা দুটা হৰিণাৰ এটা কুকুৰৰ আক্ৰমণত আহত ৷ দুয়োটা হৰিণা সম্প্ৰতি চিকিৎসাধীন কৰি থকা হৈছে ৷

Related Articles

Leave a Reply

Close