অসমশীৰ্ষ

কালি আহিবই লাগিব! বিতৰ্কিত পোষ্টক লৈ যুৱতীক উভতি ধৰিলে গগণাষ্টমে

নিউজ ডেস্ক, প্ৰথম খবৰ: কালি লেখক গগণাষ্টমৰ বিৰুদ্ধে যৌন অভিযোগৰ পোষ্ট যুৱতীয়ে আপলোড কৰাৰ পিছতেই ছ’ছিয়েল মিডিয়াত খলকনি সৃষ্টি হয়। বিতৰ্কিত পোষ্টৰ পিছতেই বিভিন্নজনে গগণাষ্টমৰ বিৰুদ্ধে বিভিন্ন মন্তব্য দাঙি ধৰে। এই সকলোবোৰৰ পিছত নিশা লেখকজনে এই অভিযোগৰ ওপৰত ফেচবুকত নিজা মন্তব্য আগবঢ়ায়।

‘এখন তাল কেতিয়াও নাবাজে’…… এইবুলি ছ’ছিয়েল মিডিয়াৰ জৰিয়তে গগণাষ্টমে উভতি ধৰিলে যুৱতীক। যুৱতীগৰাকীয়ে গগণাষ্টমক মেচেজযোগে বাৰে বাৰে লগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। যুৱতীগৰাকীৰ সৈতে হোৱা এই সকলোবোৰ হোৱাটএপ মেচেজৰ কিছু স্ক্ৰীণশ্বট লেখকজনেও নিশা ফেচবুকত প্ৰচাৰ কৰে। উল্লেখ্য যে, এই স্ক্ৰীণ শ্বটেও ছ’ছিয়েল মিডিয়াত বৰ্তমান তোলপাৰ লগাইছে।

Related Articles

Leave a Reply

Close