অসম

কাৰ্বি আংলঙত আৰক্ষী পহৰা চকী উদ্বোধন

প্ৰথম খবৰ, বোকাজান: কাৰ্বি আংলং জিলাৰ দিলাই আৰক্ষী থানাৰ অন্তৰ্গত চোট লেংৰিত আজি এটা আৰক্ষী পহৰা চকী উদ্বোধন কৰে বোকাজানৰ বিধায়ক ডঃ নোমল মমিনে। দিলাই আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ ভিতৰুৱা অঞ্চল চোট লেঙৰীত আৰক্ষী থানাৰ পৰা যথেষ্ট দূৰত্বৰ হোৱাৰ বাবে আৰক্ষীৰ লগতে স্থানীয় ৰাইজে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছিল।

অন্যহাতে অসম-নাগালেণ্ড সীমান্তৰ চোট লেংৰি অঞ্চলটোৰে অব্যাহত থকা গাড়ী চুৰি, অস্ত্ৰ সৰবৰাহকে ধৰি বিভিন্ন বেআইনি কাৰ্যকলাপ ৰোধ কৰাত উক্ত আৰক্ষী পহৰা চকীটোৱে ৰোধ কৰাত সক্ষম হব বুলি আশা ব্যক্ত কৰে কাৰ্বি আংলং আৰক্ষী অধীক্ষক GV Shiv Prasad এ। ৰাইজক সময়মতে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে বোকাজান মহকুমাৰ অন্তৰ্গত ভিতৰুৱা অঞ্চলত আৰু চাৰিটা আৰক্ষী পহৰা চকী স্থাপন কৰা হব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। আৰক্ষী পহৰা চকী উদ্বোধন কৰি বিধায়ক ডঃ মমিনে উক্ত আৰক্ষী পহৰা চকীকেইটাত প্ৰয়োজনীয় সা-সুবিধা তেওঁৰ বিধায়ক পুঁজিৰ পৰা প্ৰদান কৰাৰ আশ্বাস দিয়ে।

Related Articles

Leave a Reply

Close