অসম

কাৰ্বি আংলঙত ৰয়েল এনফিল্ডৰ নামত গ্ৰাহকক লুণ্ঠন

প্ৰথম খবৰ,বোকাজান: ৰয়েল এনফিল্ডৰ হেৰাই যোৱা ঐতিহ্য পুনৰ ঘূৰি আহিছে এটা নতুন ৰূপত। তাহানিৰে ব্যতিক্ৰমী মটৰ চাইকেল এতিয়া পুনৰ জনপ্ৰিয় হৈ উঠিছে নতুন প্ৰজন্মৰ মাজত। হয় , ৰয়েল এনফিল্ড বুলেটৰ এতিয়া বিক্ৰীৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰো নৱপ্ৰজন্মৰ মাজত । কিন্তু ৰয়েল এনফিল্ড চলালে আপুনিও আপোনাৰ বাইক খনৰ maintenence ৰ বাবে ব্যয় কৰিব লাগিব হাজাৰ হাজাৰ টকা আৰু এই সুযোগতে ৰয়েল এনফিল্ডৰ এই ডিলাৰ সমূহৰ পৰাই চলাই থকা হৈছে গ্ৰাহকক লুণ্ঠনৰ প্ৰক্ৰিয়া। ঠিক এনে এটা ঘটনা সংঘটিত হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী ৰূপে খ্যাত বোকাজন নগৰত অৱস্থিত ৰয়েল এনফিল্ডৰ ডিলাৰত । এখন এখন বাইক ছাৰ্ভিচিং কৰোৱাৰ নামত গ্ৰাহকৰ পৰা আদাই কৰিছে হেজাৰ হেজাৰ টকা। বোকাজান নগৰৰ ৰয়েল এনফিল্ড অৰ্থাৎ ঈশান মটৰ্ছত যোৱা ৩ তাৰিখৰ দিনা এনে এক ঘটনা ঘটে। বোকাজান নগৰৰ পাৰ্শ্বৱৰ্তী এলেকাৰ এজন গ্ৰাহকৰ মটৰচাইকেলখন উক্ত ঈশান মটৰ্ছ নামৰ বোকাজান নগৰস্থিত ৰয়েল এনফিল্ড ডিলাৰত চাৰ্ভিছিং কৰোৱাৰ বাবদ গ্ৰাহকজনে ভৰিব কৰিবলগীয়া হ’ল ৩৩০০ টকা ৷ গ্ৰাহকজনে উক্ত পৰিমাণৰ বিল ডিলাৰত পৰিশোধ কৰিলে যদিও বিলখনৰ ওপৰত তেখেতৰ সন্দেহ হোৱাত ব্যক্তিগতভাবে তেখেতে অনুসন্ধান কৰি জানিব পাৰিলে যে তেওঁৰ মটৰচাইকেলখনৰ ছাৰ্ভিচিংৰ বাবদ পৰিশোধ কৰিবলগীয়া প্ৰকৃত বিলখনৰ মতে চাৰ্জ ১৯০০ টকাহে আছিল । গ্ৰাহকজনে সাংবাদিকক প্ৰকৃত আৰু নকল দুয়োখন বিলেই দেখুৱাই অভিযোগ কৰি কয় যে উক্ত ঈশান মটৰ্চ ডিলাৰৰ একাংশ কৰ্মচাৰীয়ে এনেদৰে নকল বিল প্ৰস্তুত কৰি গ্ৰাহকৰ পৰা হাজাৰ হাজাৰ টকা সৰকাই আছে আৰু এই ক্ষেত্ৰত ঈশান মটৰ্চৰ বিৰোধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেখেতে জানিবলৈ দিয়ে ৷

Related Articles

Leave a Reply

Close