বিনোদনৰাষ্ট্ৰীয়

কি আছিল কিশোৰ দাৰ জীৱনৰ টাৰ্ণিং পইণ্ট

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলীউদৰ এক উজ্জ্বল নক্ষত্ৰ কিশোৰ কুমাৰ। মধ্য প্ৰদেশৰ খণ্ডৱাত এটি বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কিশোৰ দাই। ১৯২৯ চনৰ ৪ আগষ্টত জন্মগ্ৰহণ কৰা কিশোৰ কুমাৰৰ শৈশৱ কালত নাম আছিল আভাস গাংগুলী। সুমধুৰ কণ্ঠৰ গৰাকী কিশোৰ কুমাৰে জীৱন কালত যিকেইখন মঞ্চত অনুষ্ঠান পৰিবেশন কৰিছিল প্ৰতিখন মঞ্চত নিজকে মায়ানগৰী মুম্বাইৰ বুলি পৰিচয় নিদি খণ্ডৱাৰ বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল।
কিশোৰ কুমাৰে ছবিজগতত প্ৰথম খোজ পেলাইছিল এজন অভিনেতা হিচাপে। ১৯৪৬ চনত চিকাৰী ছবিখনৰ জৰিয়তে নিজৰ অভিনয়ৰ প্ৰতিভা দৰ্শকৰ আগত প্ৰকাশ কৰিছিল। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল কিশোৰ কুমাৰৰ ককায়েক অশোক কুমাৰে।
কিশোৰ দাই কণ্ঠদান কৰা প্ৰথম ছবিখন “জিদ্দী” আৰু ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতা দেবানন্দে। কিন্তু ইয়াৰ পাছত বহুদিন তেওঁ কোনো কামৰ অফাৰ পোৱা নাছিল।
১৯৫১ চনত কিশোৰ কুমাৰে পুণৰ অভিনয় কৰে। ফণী মজুমদাৰৰ ছবিখনত কিশোৰ দাই প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে। কিন্তু ছবিখন হিট নহ’ল।
কিশোৰ দাৰ জীৱনৰ টাৰ্ণিং পইণ্ট আছিল ১৯৫৪ চনৰ নৌকৰী ছবিখন। ছবি নিৰ্মাতা বিমল ৰায়ৰ ছবি নৌকৰীত কিশোৰ কুমাৰৰ চৰিত্ৰটো যথেষ্ট সংবেদনশীল আছিল আৰু এই চৰিত্ৰটোৱে তেওঁক সকলোৰে মাজত পৰিচয় কৰাই দিলে।
এটা আমোদজনক কথা যে কিশোৰ কুমাৰৰ বহুকেইখন ছবিত আৰম্ভণিতে ম. ৰফীয়ে কণ্ঠদান কৰিছিল। ‘ৰাগিনী’ আৰু ‘ছৰাৰত’ ছবি দুখনত ম. ৰফীয়ে কিশোৰ কুমাৰৰ বাবে কণ্ঠদান কৰি মাত্ৰ এটকাকৈ ধন আদায় লৈছিল।
১৯৮৭ চনৰ ১৩ অক্টোবৰত ৫৮ বছৰ বয়সত কিশোৰ দাই সংসাৰৰ মায়া-মোহৰ পৰা মুক্ত হৈছিল।

Related Articles

Leave a Reply

Close