অসমশীৰ্ষ

কৰিমগঞ্জত উদ্ধাৰ শ শ সজীৱ গুলী

প্ৰথম খবৰ,কৰিমগঞ্জ: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চৌদিশে ব্যাপক তালাচীৰ মাজতে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰেল ষ্টেচনত আজি ৰেল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা সৰ্বমুঠ ৩০৫ জাঁই গুলীৰ মাজত আছে এ কে৪৭, এ কে ৫৬ আৰু থ্ৰী নট থ্ৰী বন্দুকৰ গুলী ৷ ঘটনা সংক্ৰান্তত ৰেল আৰক্ষীয়ে নৰেশ চাকমা নামৰ এগৰাকী লোকক আটক কৰে ৷ উদ্ধাৰ হোৱা গুলীসমূহ বাংলাদেশলৈ লৈ যোৱাৰ বাবে অনা হৈছিল বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close