অসম

খিলঞ্জীয়া উচ্ছেদ অভিযানৰ প্ৰতিবাদত জোঁৰ সমদল

প্ৰথম খবৰ, দিখৌমুখ: মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ উদ্যোগত টি এম এম কে আৰু এম এম কেৰ দিখৌমুখ আঞ্চলিকৰ সহযোগত আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ দিখৌমুখতো জোৰ সমদলেৰে খিলঞ্জীয়াক উচ্ছেদ অভিযানৰ প্ৰতিবাদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷

শিৱসাগৰ জিলা এম এম কেৰ সম্পাদক অঞ্জন টায়ে,টি এম পি কে আৰু এম এম কেৰ দিখৌমুখ আঞ্চলিকৰ সম্পাদক ক্ৰমে ৰূপম মিলি আৰু অপূৰ্ব টায়েৰ নেতৃত্বত সন্ধ্যা ছয় বজাৰ পৰা অঞ্চলটোৰ তেলীয়াডোঙা তিনিআলিৰ পৰা থেকেৰাতল হৈ আলিমূৰ, বৰগাৱঁক সামৰি ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰায় অৰ্ধশতাধিক প্ৰতিবাদীয়ে খিলঞ্জীয়া সকলক ভূমি পট্ৰা প্ৰদান কৰক, খিলঞ্জীয়া সকলৰ সুৰক্ষা নিশ্চিত কৰক, খিলঞ্জীয়া সকলৰ ওপৰত চলোৱা অত্যাচাৰ বন্ধ কৰক, হিন্দু বাংলাদেশীৰ সংস্থাপন দিব বিচৰা কাৰ্য শীৰ্ঘে বন্ধ কৰক আদি শ্ল’গানেৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷

উল্লেখ্য বান-গৰাখহনীয়াত গৃহহীন সকলৰ স্থায়ী সংস্থাপনৰ দাবী তুলিও প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদী সমদলটোৱে খিলঞ্জীয়া বিৰোধী অসম চৰকাৰৰ হিতলাৰী কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণাৰ শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে৷

Related Articles

Leave a Reply

Close