অসমবানপানী ২০১৭শীৰ্ষ

গহপুৰত ছিঙো ছিঙো ব্ৰহ্মপুত্ৰৰ ই এণ্ড ডি বান্ধ, ডুবি আছে বহু গাঁও

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰ মহকুমাত বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে। এফালে পাহাৰীয়া নৈ ব্ৰহ্মাজান, চত্ৰং, চেঁচা নৈৰ তাণ্ডৱ আনফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে ৰাইজৰ। ৰাওনা মুখ- বৰতামুলীত ই এণ্ড ডি বান্ধ ছিঙি নিয়াৰ উপক্ৰম হৈছে। এই বান্ধ ছিঙিলে গহপুৰ মহকুমাত ভয়ংকৰ বান পৰিস্থিতি সৃষ্টি হ’ব।

 

পিছলা – সোৱণশিৰি, লোহিত মুখ, ৰাওনা মুখ, খাৰুপৰীয়া, বৰতামুলী, বাকৰি দলনি গাঁও পঞ্চায়ত এলেকাৰ কেইব্শতাধিক লোকৰ ঘৰ বাৰী, খেতি পথাৰ পুনৰ বাঢ়নী পানীৰ কবলত। লোহিতমুখৰ পানীকচুৱা গাঁৱত এক অবৰ্ণনীয় পৰিস্থিতি। মানুহৰ লগতে গৰু ছাগলীৰ একমাত্ৰ আশ্ৰয় স্থল হৈছে ওখ ঠাই।সেইদৰে ৰাওনা মুখ, কলিয়াপানী, কাৱৈঅাত্ৰি, চ’গুৰি, চৰাইবাৰী, থুটে চাপৰি, গোপাল জাৰণি, নাম চৰাইবাৰী, বাহিৰচৰাইবাৰী, লৌগুটি, সাধু চাপৰি, বাকৰি দলনি আদি এলেকাৰ বহু ঘৰ- বাৰী পানীৰ তলত।

Related Articles

Leave a Reply

Close