অসম

গুৱাহাটী-শিলচৰ স্পেচিয়েল ট্ৰেইনত এক অমানৱীয় ঘটনা

প্ৰথম খবৰ,লামডিং: শুক্ৰবাৰে গুৱাহাটী-শিলচৰ স্পেচিয়েল ট্ৰেইনত এক অমানৱীয় ঘটনা দেখিবলৈ পোৱা যায়। ট্ৰেইন খনৰ D1 ডবাত ৰোহিনী শিং নামৰ এগৰাকী বৃদ্ধ মহিলাক তেঁওৰ সন্তানে মাৰধৰ কৰি হোজাই ৰেল ষ্টেছনৰ পৰা ট্ৰেইনত খনত এৰি থৈ যায়। অসহায় বৃদ্ধমহিলা গৰাকী ট্ৰেইনত কান্দি কান্দি যাত্ৰী সকলক সমস্ত ঘটনা জনাই সহায় বিচাৰে। অৱশেষত শুক্ৰবাৰে ৰাতি ট্ৰেইন খন লামডিং ৰেল ষ্টেচন অহাৰ লগে লগে যাত্ৰী সকলে লামডিং ৰেল আৰক্ষী ক সমস্ত ঘটনা অৱগত কৰি বৃদ্ধ মহিলা গৰাকীক লামডিং ৰেল আৰক্ষী থানা আনি দিয়ে। লামডিং ৰেল আৰক্ষী বৃদ্ধ মহিলৰ পৰিয়ালৰ লগত সম্পর্ক কৰি মহিলা গৰাকীক লৈ যাবলৈ অনুৰোধ কৰে। জানিব পৰা মতে বৃদ্ধ মহিলা গৰাকীৰ জ্যেষ্ঠ পুত্ৰ জখলাবন্ধা চেণ্ট্ৰেল বেংকৰ কৰ্মচাৰী আৰু এজন পুত্ৰ হোজাইৰ সফল ব্যৱসায়ী ৷

Related Articles

Leave a Reply

Close