অসম

গোগামুখত ধেমাজি কাণ্ডৰ শ্বহীদ গিৰীণ শইকীয়াক স্মৰণ

প্ৰথম খবৰ, গোগামুখ: অসমৰ ইতিহাসত এক ক’লা অধ্যায়ৰ সূচনা কৰা ২০০৪ চনৰ ধেমাজিৰ স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ডত হোৱা বোমা বিষ্ফোৰণত আন সকলৰ লগতে নিহত হৈছিল গোগামুখৰ গিৰীণ শইকীয়া নামৰ নৱমমান শ্ৰেণীৰ ছাত্ৰজন৷ সদৌ অসম ছাত্ৰ সন্থাই ক’লা দিৱস ৰূপে পালন কৰা আজিৰ দিনটোত শ্বহীদ গিৰীণ শইকীয়াক স্মৰণ আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই৷ সন্থাই আজি সন্ধিয়া গোগামুখ চাৰিআলিস্থিত শ্বহীদবেদীত বন্তি প্ৰজ্বলন কৰাৰ উপৰি গিৰীণ শইকীয়াৰ বাসগৃহৰ সন্মুখত থকা প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে৷ কাৰ্যসূচীত সন্থাৰ সভাপতি মৃদুল হাজৰিকা, সম্পাদক প্ৰচূৰ্য খনিকৰ প্ৰমূখ্যে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

Related Articles

Leave a Reply

Close