অসম

গোলকগঞ্জত পথ দুৰ্ঘটনা: নিহত ১

প্ৰথম খবৰ,গোলকগঞ্জ: ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বিৰাট নগৰ চাৰিআলিৰ সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে মৃত্যু হয় । জানিব পৰা মতে, আজি পুৱা প্ৰায় ৫ বজাত অচিনাক্ত গাড়ী এখনে উচিতা গাঁৱৰ ত্ৰিভূবন মজুমদাৰ (২২) নামৰ যুৱক এজনক খুন্দা মৰে । ফলত মৃত্যু ঘটে যুৱক জনৰ । উক্ত ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৃত্য দেহটো উদ্ধাৰ কৰি থানালৈ আনে । পিছত মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে পথ দুৰ্ঘটনা সংঘটিত কৰি গাড়ী সহ চালক সম্প্ৰতি পলাতক অৱস্থাত আছে । ইপিনে এই দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close