অসমলাফিকুল

গোসাঁইগাঁৱত এবিএমছু’ৰ উদ্যোগত শান্তি সমদল: অংশ ল’লে বিভিন্ন দল সংগঠনে

প্ৰথম খবৰ, গোসাঁইগাঁও: ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আটক কৰাৰ দাবীত আজি বিভিন্ন দল সংগঠনৰ কেইবা শতাধিক নেতা কৰ্মী-সমৰ্থকে হাতে হাতে মম, মছাল লৈ গোসাঁইগাঁৱত এক শান্তি সমদল উলিয়ায়৷ এবিএমছু’ৰ গোসাঁইগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা সমদল গোসাঁইগাঁও হাব্ৰুবিল স্থিত মহকুমাধীপতিৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ কৰা হয়। গোসাঁইগাঁও সদৰ চহৰখন পৰিভ্ৰমণ কৰি সমদলকাৰীসকলে সদৰ চহৰখনৰ চাৰিআলিৰ পুলিচ পইণ্টত সমাপ্ত কৰে৷ উক্ত সমদলত আছু, আমছু, বঙালি যুৱ ছাত্ৰ ফেডেৰেচন, আছা, এছু, আক্ৰাছুকে আদি কৰি প্ৰায় ভাগ দল-সংগঠনে অংশ গ্ৰহণ কৰি লাফিকুল হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী জনাই৷ উল্লেখ্য যে, সমদলৰ পূৰ্বে সৰ্বদল সংগঠনৰ উপস্থিতিত এবিএমছু’ৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। উক্ত সমদলৰ অংশ গ্ৰহণ কৰি আমছু’ৰ কেন্দ্ৰীয় উপ সভাপতি ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ আগত লফিকুলৰ হত্যাকাণ্ডক মানৱতাৰ হত্যা বুলি ক্ষোভ প্ৰকাশ কৰি লাফিকুলৰ দৰে সুদক্ষ  ছাত্ৰ নেতাক মুকলিভাৱে হত্যা কৰা ঘটনাই অসম তথা বিটিচি চৰকাৰক চি বি আই তদন্তৰ নামত যাতে কোনো ভেকোঁভাওনা নহয় তাৰ বাবে কঠোৰ দৃষ্টি ৰাখিবলৈ আহ্বান জনাই৷ ইয়াৰ উপৰি ছাত্ৰ নেতাজনৰ হত্যাকাণ্ডক লৈ কোনো ৰাজনীতি নকৰিবলৈ আহ্বান জনাই হত্যাকাৰীক উচিত তদন্তৰ জৰিয়তে আটক কৰি বিহিত শাস্তিৰ দাবী কৰে৷ তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে অসমৰ প্ৰতিটো দল সংগঠনক আশ্বস্ত কৰিব নোৱাৰিলে পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধ তীব্ৰ আন্দোলন গঢ়ি তুলাৰো হুংকাৰ দিয়ে আমছু’ৰ উপ সভাপতি গৰাকীয়ে৷

আনহাতে এবিএমছু’ৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি চফিয়ুৰ ৰহমানে বিটিচি’ত চলি থকা চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাই ৷ গৰু, কাঠ, শিল বালি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত মুকলিভাৱে চলি অহা চিণ্ডিকেট বন্ধ নহ’লে ছাত্ৰ সংগঠনটোৱে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। এগৰাকী সংগ্ৰামী ছাত্ৰ নেতাক মুকলিভাৱে হত্যা কৰাৰ পিছতো কি কাৰণত আৰক্ষী প্ৰশাসনে এতিয়ালৈ হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই বুলি প্ৰশ্ন কৰি এই হত্যাকাণ্ডৰ অন্তৰালত এক গভিৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি দাবী কৰে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শীঘ্ৰে চি বি আই তদন্তৰ জৰিয়তে হত্যাকাণ্ডৰ আঁৰত থকা প্ৰতিগৰাকী ষড়যন্ত্ৰকাৰীক আটক কৰি ৰাইজৰ বিশ্বাস অটুত ৰাখিবলৈ আহ্বান জনাই ৷ এই হত্যাকাণ্ডই যেন বিটিচি’ৰ অন্তিম ঘটনা হয় তাৰ বাবে বিটিচি মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীকো ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই ৷ শেষত সমদলকাৰীসকলে মহকুমাধীপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি’ৰ মুখ্যকাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীলৈ আঠ দফিয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

 

Related Articles

Leave a Reply

Close