অসম

গোসাঁইগাঁৱত প্ৰতিকূল বতৰকো নেওচি ৭১ সংখ্যক স্বাধীনতা দিৱস পালন

প্ৰথম খবৰ, গোসাঁইগাঁও: ৭১ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে গোসাঁইগাঁও মহকুমাধীপতি উইলবাৰ্ণ এছ দৈমাৰীয়ে ৷ গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পেৰেড অনুষ্ঠুপিয়াকৈ গোসাঁইগাঁও কলেজ এন চি চি’ৰ দলে প্ৰদৰ্শন কৰে যদিও মূখ্য অতিথিৰ অভিবাদন আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী তথা অসম আৰক্ষীৰ কুজকাৱাজ প্ৰতিকূল বতৰৰ বাবে ঠাইতে বিসৰ্জন দিয়ে ৷ ইয়াৰ পিছত বহু শিশু শিল্পীয়ে দেশ ভক্তিমূলক নৃত্য প্ৰদৰ্শন কৰে ৷

Related Articles

Leave a Reply

Close