অসম

গোসাঁইগাঁৱৰ চৌতাৰাত কৰ্মৰত এছ পি অ’ জোৱানৰ মৃত্যু

প্ৰথম খবৰ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত চৌতাৰা ৰে’ল ষ্টেচনৰ পহৰাৰ দায়িত্বত থকা গৃহৰক্ষী জোৱানৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোঁকৰ ছাঁ বিয়পি পৰে৷

জানিব পৰা মতে, জি আৰ পি এফ’ৰ অধীনত যোৱা ডেৰ বছৰে চৌতাৰা ৰে’ল ষ্টেচনৰ পহৰাৰ দায়িত্বত থকা গৃহৰক্ষী জোৱান তথা ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত দুৰাহাটী গাঁৱৰ নিবাসী মৈনুল হক(৪৫)ৰ মৃতদেহ আজি শোৱাপাতিতে উদ্ধাৰ হয়। চৌতাৰা ৰে’ল ষ্টেচনৰ আৱাসত স্থাপন কৰা পাঁচজনীয়া গৃহৰক্ষী জোৱানৰ বেৰেকত আজি ৰাতিপুৱা বহু পলমলৈ শুই থকা মৈনুল হকক তেওঁৰ সতীৰ্থই জগাবলৈ গৈ তেওঁক মৃত অৱস্থাত পায়৷ ততাতিয়াকৈ ঘটনা সম্পৰ্কে গোসাঁইগাঁও আৰক্ষী থানাত ঘটনা সম্পৰ্কে জনোৱা হয়।

ঘটনাস্থলীত গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মুনিন্দ্ৰ নাথ দেউৰী আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰ কলিতা উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ বাতৰি লিখালৈ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ আনহাতে চাৰি সন্তানৰ পিতৃ দায়িত্বৰত অৱস্থাত মৃত্যু ঘটা বাতৰিয়ে শোকাকুল কৰি তুলিছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চল বাসীক ৷ মৃতকৰ পত্নী আৰু সন্তানৰ ভৱিষ্যত অন্ধকাৰচন্ন হৈ পৰিছে।

পৰিয়ালটোক গৃহৰক্ষী হিচাপে কৰ্মৰত হৈ লাভ কৰা বেতনেৰে পোহপাল দি আহিছিল হকে ৷ যদিও তেওঁৰ মৃত্যৰ পিছত দিশহাৰা হৈ পৰিছে পত্নী ৷ সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মৃতকৰ পৰিয়ালক চৰকাৰী সাহাৰ্য প্ৰদানৰ দাবী উত্থাপন কৰিছে গৃহৰক্ষী জোৱান তথা গাঁওবাসীয়ে ৷ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়াল বৰ্গক গতাই দিয়া হ’ব বুলি এক সূত্ৰত প্ৰকাশ৷

Related Articles

Leave a Reply

Close