অসম

গোসাঁইগাঁৱৰ ডুম বজাৰত তিনি লক্ষাধিক টকাৰ চোৰাং শাল কাঠৰ কুণ্ডা জব্দ

প্ৰথম খৱৰ,গোসাঁইগাঁও:  কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ৰাইমানা ৰেঞ্ছ আৰু গ্ৰীণ ফৰেষ্ট কঞ্জাৰভেচনৰ যৌথ উদ্যোগত পুৱা গোসাঁইগাঁও মহকুমাৰ ডুম বজাৰ এলেকাৰ পৰা তিনি লক্ষাধিক টকাৰ মূল্যবান শাল কাঠৰ কুণ্ডা সহ ভূটানৰ আইছাৰ ট্ৰাক জব্দ কৰে।  BP2A-7334 নম্বৰৰ ভূটান ট্ৰাক  সহ চোৰাং কাঠৰ কুণ্ডা সমূহ বহিঃ ৰাজ্যলৈ কঢ়িয়াই নিয়াৰ এক গোপন তথ্যৰ ভিত্তিত বন বিভাগৰ ৰাইমানা ৰেঞ্জৰ বন কৰ্মীৰ দলে অভিযান চলায়৷ অভিযানকালত চোৰাং ব্যবসায়ী সকলে অভিযানৰ উমান পাই ডুম বজাৰৰ ঘটনাস্থলিৰ পৰা পলায়ন কৰে।

বিয়লি জব্দ কৃত কাঠসহ ট্ৰাকখন গোসাঁইগাঁও স্থিত কচুগাওঁ বন সংমণ্ডলৰ কাৰ্য্যলয়লৈ অনা হয়৷ উক্ত কাঠখিনিৰ বজাৰ মূল্য তিনি লক্ষাধিক টকাৰ হ’ব বুলি বনকৰ্মীয়ে সদৰি কৰিছে।

Related Articles

Leave a Reply

Close