অসম

গোসাঁইগাৱঁৰ ডুমবজাৰত চোৰাং শাল কাঠৰ কুণ্ডা জব্দ

প্ৰথম খৱৰ, গোসাঁইগাঁও: কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ৰাইমানা ৰেঞ্ছ আৰু গ্ৰীণ ফৰেষ্ট কঞ্জাৰভেচনৰ যৌথ উদ্যোগত  কালি পুৱা গোসাঁইগাঁও মহকুমাৰ ডুম বজাৰ অঞ্চলৰ পৰা তিনি লক্ষাধীক টকাৰ মূল্যবান শাল কাঠৰ কুণ্ডাসহ ভূটানৰ আইছাৰ ট্ৰাক জব্দ কৰে ৷

BP2A-7334 নম্বৰৰ ভূটান ট্ৰাক  সহ চোৰাং কাঠৰ কুণ্ডাসমূহ বহিঃ ৰাজ্যলৈ কঢ়িয়াই নিয়াৰ এক গোপন তথ্যৰ ভিত্তিত বন বিভাগৰ ৰাইমানা ৰেঞ্জৰ বনকৰ্মীৰ দলে অভিযান চলায় ৷ অভিযানকালত চোৰাং ব্যবসায়ীসকলে অভিযানৰ উমান পাই ডুম বজাৰৰ ঘটনাস্থলিৰ পৰা পলায়ন কৰে৷

কালি বিয়লি জব্দ কৃত কাঠসহ ট্ৰাক খন গোসাঁইগাঁওস্থিত কচুগাঁও বন সংমণ্ডলৰ কাৰ্যালয়লৈ অনা হয় ৷ উক্ত কাঠ খিনিৰ বজাৰ মূল্য তিনি লক্ষাধীক টকাৰ হ’ব বুলি বন কৰ্মীয়ে সদৰি কৰিছে ৷

Related Articles

Leave a Reply

Close