অসম

গৌৰীসাগৰত স্বাধীনতা দিৱস পালন

প্ৰথম খবৰ, গৌৰীসাগৰ: অাজি দেশৰ ৭১সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ ভাৰতবৰ্ষ অাৰু ৰাজ্য বিভিন্ন ঠাইৰ লগতে গৌৰীসাগৰৰো বহু ঠাইত চৰকাৰী-বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয়, কাৰ্যালয়, অনুষ্ঠাত-প্ৰতিষ্ঠানত অাজি স্বাধীনতা দিৱসটি পালন কৰা হয়।

চৰকাৰী বিদ্যালয়সমুহত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা কাৰ্যসূচী সমুহৰ অাজি শেষৰ দিনা কাৰ্যসূচী হিচাপে পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আৰু প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত বিজয়ী প্ৰতিযোগীসকলক পুৰষ্কৃত কৰা হয়। গৌৰীসাগৰৰ লগতে গৌৰীসাগৰৰ সমীপৱৰ্তী ৰূদ্ৰসাগৰ, ভটীয়াপাৰ, বলিয়াঘাট, চাৰিং, হাতীঘুলি, দিখৌমুখৰ বিভিন্ন অঞ্চলতো দেশৰ ৭১সংখ্যক স্বাধীনতা দিৱসটি পালন কৰে নানা কাৰ্যসূচী মাজেৰে।

Related Articles

Leave a Reply

Close