অসম

চাপানালাত উদ্ধাৰ বিশেষ পতংগ

প্ৰথম খবৰ, বঢ়মপুৰ: বহুতো আজৱ জীৱৰে ভৰা আমাৰ বিচিত্ৰ ধৰা। বৃহস্পতিবাৰে বিয়লি চাপানালাতো দেখা পোৱা গ’ল এটা পতংগ। সংৰক্ষিত বনাঞ্চলৰ দাঁতিৰ পৰা এজন লোকে উদ্ধাৰ কৰে এই বিশেষ পোক বিধ। দেখাত গছ পাতৰ সদৃশ এই বিৰল প্ৰজাতিৰ পোকবিধ প্ৰত্যক্ষ কৰিবলৈ সেই স্থানত ভিৰ কৰে একাংশ ইচ্ছুক ৰাইজে। সেউজীয়া বৰণৰ এই পোক বিধক লৈ চামগুৰি চাপানালাত এতিয়া উৎকণ্ঠিত অঞ্চলবাসী।

উল্লেখ্য যে, এই বিশেষ পোকটো ভাৰত মহাসাগৰৰ উপকূলীয় অঞ্চল তথা অষ্ট্ৰেলিয়াৰ লগতে দক্ষিণ-পূব এচিয়াত পোৱা যায় যদিও ই অতিকৈ দুষ্প্ৰাপ্য বুলি জানিব পৰা গৈছে। অৱশ্যে এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি থ’লে চাপানালাৰ এজন যুৱকে।

Related Articles

Leave a Reply

Close