অসমবানপানী ২০১৭

চামগুৰিত আশী শতাংশ গাঁও পানীৰ তলত, বিজেপি নেতাৰ বান সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, চামগুৰি: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা আৰু বাজিয়াগাঁও উন্নয়ন খণ্ডৰ প্ৰায় ৮০ শতাংশ গাঁও সম্প্ৰতি বানৰ কৱলত। জখলাবন্ধাৰ হাতীমূৰা মথাউৰিতো ভাঙি পেলোৱাৰ ফলত কলিয়াবৰৰ সমূহ গাঁও বানে প্লাৱিত কৰাৰ পাছত বৰ্তমান চামগুৰি, মিছা, লাওখোৱা, পুৰণিগুদাম আদি অঞ্চলৰ গাঁও সমুহ দৈনিক প্লাৱিত হ’বলৈ লৈছে। চামগুৰি সমষ্টিৰ প্ৰায় পঞ্চাশ হাজাৰৰো অধিক লোক বৰ্তমান বানৰ কৱলত। বানৰ কৱলত পৰা লোক আৰু সকলে বৰ্তমান ওখ স্থানত অৱস্থান কৰাৰ লগতে একাংশই বিদ্যালয়তে শিৱিৰ স্থাপন কৰিব লগা হৈছে । চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ গাঁও সমূহত বিশেষকৈ বানাক্ৰান্ত সকলৰ মাজত চৰকাৰৰ পৰা ৰেচন যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়।

কিছুলোকে ব্যক্তিগতভাৱে বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ কৰাৰ পিছত আজি বিজেপি নেতা তথা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামীয়ে বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অধীনৰ অঞ্চল সমূহৰ প্ৰায় অৰ্ধ শতাধিক শিৱিৰ পৰিদর্শন কৰি বিশ হাজাৰৰো অধিক লোকৰ মাজত খাদ্য সামগ্ৰী পানী যোগান ধৰে। সেইদৰে লাওখোৱা উন্নয়ন খণ্ডতো বিজেপি নেতা জনে প্ৰায় দহ সহস্ৰাধিক বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্ৰী যোগান আদি ধৰে।আজি সকলো বিজেপি নেতা জনৰ সতে বানাক্ৰান্ত সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণত অংশ গ্ৰহণ কৰে বাজিয়াগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য চমুৱা, বিজেপি নেতা পাৰ্থপ্ৰতিম হাজৰিকা, ভূপেন বৰা, হাচেন আলীয়ে আদিয়ে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close