অসম

চিয়াজুলীত ৰে’লৰ খুন্দাত এজন লোকৰ কৰুণ মৃত্যু

প্ৰথম খবৰ, বগীনদী: মুৰকংচেলেক, ডেকাৰগাঁও নামনিমুৱা ৰে’লৰ খুন্দাত চিয়াজুলী ৰে’লৱে ষ্টেচনৰ সমীপত এজন লোকৰ কৰুণ মৃত্যু ঘটিছে। সন্ধিয়া ৬ঃ১৫ বজাত এই নামনিমুৱা পেছেঞ্জাৰ ৰে’লখনে চিয়াজুলী ষ্টেচন এৰাৰ পাছত ষ্টেচন আৰু গেট নং ২৭৪ ৰ মাজৰ প্ৰায় ১৫০ গজৰ ব্যৱধানত এই দুৰ্ঘটনাটো সংঘটিত হয়।

শিহৰণকাৰী এই দুৰ্ঘটনাটোত মৃত লোকজনৰ সোঁ ভৰিখন কাটি দিয়াৰ ফলত মৃত লোকজনে প্ৰায় আধা ঘণ্টা ধৰি মৃত্যুৰ সৈতে যুজঁ দি শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু আশ্চৰ্য্য বিষয় যে ষ্টেচন আৰু ২৭৪ নং ৰে’লৱে গেটৰ সমীপত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাৰ সময়ত ৰে’লৱে কৰ্মচাৰীৰে গিজগিজাই থাকোঁতেও এজনো ৰে’লৱে কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত নাছিল। আনকি ৰে’লৰ খুন্দাত চটফটাই মৃত্যুবৰণ কৰা লোকজনৰ মৃত্যুৰ সময়লৈকে ঘটনাস্থলীত ৰে’লৱে, কৰ্মচাৰীৰ এজনো উপস্থিত নাছিল। মৃত লোকজন বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম টেঙা বস্তিৰ ‘অৰুণ ওৰাং (45)বুলি জানিব পৰা গৈছে। মৃত অৰুণে চিয়াজুলীৰ পৰা দলহাটলৈ যাবলৈ চলন্ত ৰে’লত উঠিবলৈ চেষ্টা কৰোঁতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষ দৰ্শীসকলে জানিব দিছে।

Related Articles

Leave a Reply

Close