অসম

চিৰাঙৰ বানপীড়িতৰ মাজত সাহাৰ্য সামগ্ৰী লৈ প্ৰাক্তন আলফা,আধ্যাত্মিক গুৰু ৰবি শংকৰৰ “আৰ্ট অৱ লিভিং” আৰু পতঞ্জলি ট্ৰাষ্টৰ পৰা পৃথকে পৃথকে বান সাহাৰ্য বিতৰণ 

প্ৰথম খবৰ, কাজলগাঁও: আজি চিৰাং জিলাৰ ডাবাবিল গাঁৱৰ ১০৪ টা পৰিয়ালৰ ৩৭১ জন বন্যাৰ্তৰ শিবিৰ ছোটো নিলীবাৰীত বন্যাৰ্তৰ মাজত পতঞ্জলি ট্ৰাষ্ট, আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰৰ “আৰ্ট অৱ লিভিং”ৰ আৰু প্ৰাক্তন আলফাৰ দলে বান সাহাৰ্য্য বিতৰন কৰে পৃথকে পৃথকে । তাৰ পিচত তেওঁলোকে বিজনী এলেকা তথা ধুবুৰী জিলাৰ গোলোকগঞ্জলৈ যায় বান সাহাৰ্য বিতৰণৰ বাবে।
প্ৰাক্তন আলফা নেতা প্ৰাঞ্জিত শইকীয়াই কয় অসমৰ মাজেৰে সকলোৱে অহা যোৱা কৰে,অসমৰ ভূমি ব্যৱহাৰ কৰে কিন্ত অসমৰ বান সমস্যা কোনেও গুৰুত্ব নিদিয়ে । মই আধ্যাত্মিক গুৰু ৰবি শংকৰৰ সৈতে যোগাযোগ কৰি বান পানীৰ ফলত হোৱা অসমৰ দুৰৱস্থাৰ বিষয়ে অৱগত কৰাৰ লগে লগে গুৰুজীয়ে তেওঁৰ “আৰ্ট অৱ লিভিঙ”ৰ দল প্ৰেৰন কৰি বান সাহাৰ্য প্ৰদান কৰিছে । য’ত যি সামগ্ৰীৰ প্ৰয়োজন হয় সেই মতে আমি দি আছো । বান পানীৰ সময়ত চৰকাৰে কি কৰে আমি নাজানো । বান সমস্যা খৰাঙৰ সময়ত ললে হে ভাল হ’ব । অসমৰ বাহিৰৰ পৰা পানী আহি অসমৰ ক্ষতি কৰিছে । ব্ৰহ্মপুত্ৰ খনন এক ষড়যন্ত্ৰ । জাহাজ সমুহ লোৱাৰ এক ফন্দি হে । ব্ৰহ্মপুত্ৰ খননৰ আগতে অসমৰ বাট পথ সমুহ ঠিক কৰক । অসমত বানপানী এটা উৎসৱত পৰিণত হৈছে । বানপানী অসমৰ বাবে সোনৰ কনিপৰা হাঁহ । বছৰত এবাৰ আহে সোনৰ কনি পাৰে কেইজন মান লোক ধনী হয় । বন্যাৰ্তসকলে চৰকাৰৰ সাহাৰ্য লোৱা বন্ধ কৰক । গৰু ম’হ তথা যি সমুহ আছে সকলো লৈ জিলা উপায়িক্তৰ কাৰ্য্যালয়ত গৈ বান্ধক । আৰু তেওঁলোকক আপোনালোকৰ ঠাইত থাকিবলৈ পঠিয়াওক । আমাৰ স্থায়ী সমাধান কৰি দিয়ক আমি তাতে থাকিম বুলি কওক । বছৰে বছৰে বান পানী হোৱা ঠাই সমুহ চৰকাৰে চৰকাৰী ভূমি ঘোষনা কৰি বাগানক দিয়া মাটি আমাক দিয়ক বুলিও কয় আলফা নেতাজনে । এই ব্যৱস্থাত চৰকাৰৰ খৰচ কম হে হ’ব । মই সদায় এই কথা কও কিন্তু চৰকাৰৰ কান বিলাক কিছু সময়ৰ বাবে খোলা থাকে আৰু পিচত পাহৰি যায় । চৰকাৰে জানে বানপানী হ’ব । সেই মতে বান সাহাৰ্য মজুত থাকিব লাগে কিন্ত সেয়া নকৰে। কেৱল দিছপুৰৰ টেবুলত থাকিলে নহ’ব,জনসাধাৰনৰ মাজলৈ আহিব লাগিব। কাৰণ তেনে কৰিলে তেওঁলোকৰ ভাত মৰিব । এই শিবিৰত আলফা আৰু আৰ্ট অৱ লিভিঙৰ তৰফৰ পৰা বান সাহাৰ্যৰ হিচাবে এক কুইণ্টল চিৰা আৰু গুৰ মিঠাই দিয়ে ।
আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰৰ আৰ্ট অৱ লিভিঙৰ দলত অহা বৈঞ্জানিক ড° ৰমা তেৱাৰীয়ে কয় এই বান পানী এবাৰৰ নহয় সদায় আহে । ইয়াৰ বাবে স্থায়ী সমাধানৰ পথ বিচাৰিব লাগে । আমাৰ আৰ্ট অৱ লিভিঙৰ বৈঞ্জানিক আছে । য’ত বেছি বানপানী হয় সেই সমুহ ঠাই চিনাক্ত কৰি বানপানী কম কৰাৰ বাবে খনন প্ৰক্ৰিয়াৰে আমি বানপানী কম কৰিব পাৰো । ইয়াৰ বাবে আমি চেক ডাম বনাব পাৰো । তাৰ বাবে আমি দেখিম আৰু কাম আৰম্ভ কৰিম । এই বিষয়ে আমি চৰকাৰৰ সৈতে আলোচনা কৰি বাহিৰৰ পৰা বিশেষজ্ঞ লৈ আহি কাম কৰিম । চৰকাৰে বান সমস্যাৰ বাবে প্ৰতি বছৰে ৭০০/৮০০ কোটি খৰচ কৰে । চেক ডাম বনালে কম খৰচতে হৈ যাব । বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্মই কয় গুৰুজীৰ সকলো কামত আমি সহযোগ কৰিম । কাৰণ মই গুৰুজীৰ ওচৰত গৈ দুদিন থাকি প্ৰশিক্ষন লৈছিলো আৰু অসমৰ বানপানী সমস্যাৰ বিষয়ে অৱগত কৰাৰ পিচতে আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি তেওঁলোকক পঠিয়াইছে । আৰ্ট অৱ লিভিঙৰ বৈজ্ঞানিক মহিলাজনীয়ে কয় আমি সকলো পৰ্য্যালোচনা কৰি অসমৰ বানপানীৰ সমস্যা দূৰ কৰাৰ চেষ্টা কৰিম । কাৰণ আমাৰ লগত ব্যৱস্থা আছে । পতঞ্জলিৰ লোক সকলেও কয় যে অসম বেঙ্গলৰ সকলো ঠাইত য’ত সম্ভৱ আমি সহায়ৰ বাবে চেষ্টা কৰিম। এতিয়া আমি শিশুখাদ্যৰ লগতে মহিলা সকলৰ আৰু খাদ্য সামগ্ৰী দি আছো। কম সময়ৰ ভিতৰত আমি স্বাস্থ্য শিবিৰ পাতিম বুলি জনায় ।

 

Related Articles

Leave a Reply

Close