অসম

চিৰাঙৰ শামঠাইবাৰীত তীব্ৰবেগী গাড়ীৰ খুন্দাত আৰক্ষী জোৱান গুৰুতৰভাৱে আহত

প্ৰথম খবৰ, শ্ৰীৰামপুৰ: বি টি চিৰ চিৰাং জিলাৰ শামঠাইবাৰীত ৩১নম্বৰ (গ) ৰাষ্ট্ৰীয় পথত আজি পুৱতি নিশা অসম অভিমুখী এখন মালবাহী গাড়ীৰ খুন্দাত ৰাষ্ট্ৰীয় পথটোত কৰ্তব্যৰত হৈ থকা এজন আৰক্ষী জোৱান গুৰুতৰ ভাবে আহত হয়।

জানিব পৰা মতে, চিৰাং জিলাৰ গৰুভাষা আৰক্ষী চকীৰ শামঠাইবাৰী তিনিআলিত ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় পথত যোৱা নিশা গৰুভাষা আৰক্ষী চকীৰ অধীনত থকা সপ্তম আৰক্ষী বাহিনীৰ (7AP Bn) জোৱানৰ দল এটাই পহৰা দি আছিল। ৰাষ্ট্ৰীয় পথত পহৰা দি থকা অৱস্থাত আজি ৰাতিপুৱা প্ৰায় ৪-৪৫ বজাত পশ্চিমবংগৰ শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ডব্লিউ বি ৭৩ -ডি -৯২১৪ নম্বৰৰ তীব্র বেগী মালবাহী বলেৰ পিক-আপ গাড়ীখন শামঠাইবাৰী তিনি আলিত ৰাষ্ট্ৰীয় পথৰ ডিভাইডাৰ অতিক্ৰম কৰি পহৰাৰত আৰক্ষী জোৱানজনৰ ওপৰত বাগৰি পৰে। ফলত সপ্তম আৰক্ষী বাহিনীৰ জোৱান তথা ধুবুৰী জিলাৰ তামাৰহাট থানাৰ শগুনচৰা গাঁৱৰ নিৱাসী ৰতুকান্ত ৰায়ৰ পুত্ৰ ধনেশ্বৰ চন্দ্ৰ ৰায় (২৮) গুৰুতৰ ভাবে আহত হয়। আহত জোৱানজনক সহকৰ্মীসকলে ততাতৈয়াকৈ ওচৰৰ কাজলগাঁও অসামৰিক চিকিৎসালয়ত নিয়াৰ পাছত প্ৰাথমিক চিকিৎসাৰ অন্তত আহত ধনেশ্বৰক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ আৰ, এন, বি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমান আৰক্ষী জোৱানজন তাতে চিকিৎসাধীন হৈ আছে যদিও এতিয়াও সংকট মুক্ত হোৱা নাই।উল্লেখ্য যে, গাড়ীখনৰ গতি বেগ ইমানেই আছিল যে ৰাষ্ট্ৰীয় পথত থকা ডিভাইডাৰত উঠি পৰে আৰু তাত থকা এডাল গছত খুন্দা মৰাত গছখন ভাঙি জোৱানজনৰ ওপৰত বাগৰি পৰে আৰু দুৰ্ঘটনাগ্ৰস্থ গাড়ীখন পথৰ ওপৰত বাগৰি পৰে। উক্ত দুৰ্ঘটনাত জোৱানজন গুৰুতৰৰূপে আহত হোৱাৰ উপৰি তেওঁৰ লগত থকা অস্ত্ৰ, মোবাইল আৰু অন্যান্য সামগ্ৰী সম্পূৰ্ণভাৱে নষ্ট হয়। পাছত গাড়ী সহ চালকক আটক কৰি গৰুভাষা আৰক্ষী চকীত নিয়ে।

Related Articles

Leave a Reply

Close