অসম

চৰকাৰে শিক্ষকক কথা কোৱাৰ স্বাধীনতা দিয়া নাই, আমগুৰি মহাবিদ্যালয়ত নিত্যা বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠানত অখিল ৰঞ্জন দত্ত

প্ৰথম খবৰ,আমগুৰি: চৰকাৰে শিক্ষকক কথা কোৱাৰ স্বাধীনতা দিয়া নাই। তদুপৰি কিছু পালমৰা শিক্ষকৰ বাবে গোটেই সমাজখনেই জগৰীয়া হ’ব নোৱাৰে। সেয়ে শিক্ষকসকলেও নিজক ফাঁকি নিদিয়াকৈ কাম কৰি যাব লাগিব। আজি আমগুৰিত এই অভিমত ব্যক্ত কৰে চিন্তা বিদ ডঃ অখিল ৰঞ্জন দত্তই।

আমগুৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় নিত্যা বৰুৱা স্মাৰক বক্তৃতাত চিন্তাবিদ গৰাকীয়ে শিক্ষকৰ ত্যাগ চৰকাৰে নেদেখে বুলিও কয়। স্মাৰক বক্তৃতানুষ্ঠানটো সঞ্চালনা কৰে আছফিয়া চুলতানাই। অনুষ্ঠানৰ আৰম্ভণিতে নিত্যা বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানৰ আঁত ধৰে বিমান শেনচোৱাই।

Related Articles

Leave a Reply

Close