অসমশীৰ্ষ

ছাগলীয়াত পাঁচ লাখ টকাৰো অধিক মূল্যৰ গাঞ্জা জব্দ

প্ৰথম খবৰ,গোলকগঞ্জঃ ধুবুৰী জিলাৰ অসম-বংগ সীমান্ত ছাগলীয়াত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । জানিব পৰা মতে, ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ৰ নেতৃত্বত আৰক্ষী এটা দলে গোপন খবৰ ভিত্তিত কাজিৰঙা ৱে ব্ৰীজ সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ০১ ভি / ০০৩১ নম্বৰৰ মালবাহী ট্ৰাক এখন পশ্চিম বংগ অভিমুখী ৰৈ থকা সময়তে আটক কৰে। পিছত গোলকগঞ্জ থানাত আনি আজি আৰক্ষীৰ চক্ৰ পৰিদৰ্শক ভূপেনদ্ৰ নাথ দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ উপস্থিত আটকাধীন ট্ৰাকৰ পৰা এক কুইন্টলৰো অধিক গাঞ্জা উদ্ধৰ কৰে ।
উদ্ধৰ হোৱা গাঞ্জা খিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকাৰো আধিক হ’ব বুলি জানিব পৰা গৈছে ।

Related Articles

Leave a Reply

Close