অসমলাফিকুল

 ছাত্র নেতা লাফিকুলৰ‌ হত্যাকাৰীক আটক কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

প্ৰথম খবৰ, গৌৰীপুৰ: ছাত্র নেতা লাফিকুলৰ‌ হত্যাকাৰীক আটক কৰাৰ দাবীত বগৰীবাৰী কপাই তুলিলে এবিএম এছ ইউয়ে। আমছু, আৰ এম ছি ৰ সহযোগত এ বি এম এছ ইউয়ে পুৱা ১০ বজাৰ পৰা আহ্বান জনোৱা দুঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যসূচীত বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকৰীয়ে। ছাত্ৰ নেতাজনৰ ২৬ দিন উকলি যোৱাৰ পিছতো এজনো হত্যাকাৰীক আটক কৰিব নোৱাৰাটো ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতা বুলি অভিযোগ তুলি মূখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে দল সংগঠনসমুহ।

সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, হাগ্ৰামা মহিলাৰী মূৰ্দাবাদ ,ৰাজ্যৰ গৃহ বিভাগ হায় হায়, অসম আৰক্ষী হায় হায় আদি শ্লোগানেৰে আকাশ বতাহ কপাঁই তোলে ছাত্ৰ সংগঠনবোৰে। পাছত পৰ্বত ঝোৰা মহকুমা দণ্ডাধীশ অসীম বৰগোঁহাই ঘটনাস্থলীত উপস্থিত হোৱাত তেখেতৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে অতি শীঘ্ৰে হত্যাকাৰীক আটক কৰাৰ দাবী জনায়।

Related Articles

Leave a Reply

Close