অসম

ডাঃ হৰেন চৌধুৰীলৈ সাহিত্যিক পেঞ্চন

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোড নিবাসী বিশিষ্ট কবি ডাঃ হৰেন চৌধুৰীলৈ অসম চৰকাৰে এইবাৰ সাহিত্যিক পেঞ্চন আগবঢ়াইছে। অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক তথা ২০০৭ চনত অসম সাহিত্য সভাৰ চাপৰ অধিৱেশনৰ কবি সন্মিলনৰ সঞ্চালকৰ দায়িত্ব পালন কৰা চৌধুৰীয়ে ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে।

তেখেতৰ কেইখনমান প্ৰকাশিত কবিতা পুথি হৈছে –নিসংগ চেতনা, শুকুলা শঙ্খ ধ্বনি, মোৰ প্ৰেমৰ নাম অনুৰাধা, ৰ’দ আৰু জোনাকৰ গান। তদুপৰি “নিৰ্বাচিত প্ৰৱন্ধ সংকলন” নামৰ এখনি প্ৰৱন্ধ সংকলনো প্ৰকাশ হৈছে। অসমৰ প্ৰায়বোৰ বাতৰি কাকত, আলোচনীত নিয়মীয়াকৈ কবিতা প্ৰকাশ হৈ থকা চৌধুৰীয়ে সৰুপেটাত জন্মগ্ৰহণ কৰিছিল যদিও বৰ্তমান তেওঁ বৰপেটাৰোডৰ স্থায়ী বাসিন্দা। পেছাত চিকিৎসক ৭০ বছৰীয়া চৌধুৰীয়ে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক হিচাবে অৱসৰ গ্ৰহণ কৰিছে। উল্লেখ্য যে তেখেতে সাহিত্যিক পেঞ্চন হিচাবে মাহিলী ৮ হেজাৰ টকাকৈ লাভ কৰিব।

বৰপেটাৰোডৰ পৰা পোন প্ৰথম বাৰৰ বাবে সাহিত্যিক পেঞ্চন চৌধুৰীয়ে লাভ কৰাত বৰপেটাৰোড সাহিত্য সভা, বৰপেটাৰোড প্ৰেছ ক্লাৱ, বৰপেটাৰোড আছু, অসম যুৱ ছাত্ৰ পৰিষদৰ বৰপেটাৰোড আঞ্চলিক সমিতি, ৰঙ্গালয়কে আদি কৰি বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close