অসম

তিনিচুকীয়া জিলাৰ ভিতৰতে শ্ৰেষ্ঠ পঞ্চায়তৰ সন্মান পালে লিডুৰ শামুকজানে

প্ৰথম খবৰ, লিডু: অসম চৰকাৰৰ ১২ মে’ৰ পৰা ১২ জুন লৈকে অনুষ্ঠিত গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণ আঁচনি ” আমাৰ গাওঁ আমাৰ আঁচনি” সঠিক ভাৱে ৰূপায়ণ কৰাৰ বাবে লিডুৰ শামুকজান গাঁও পঞ্চায়তে তিনিচুকীয়া জিলাৰ ভিতৰত শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। কালি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত বৰগুৰিৰ আই টি আই খেল পথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসত তিনিচুকীয়া জিলা উপায়ুক্ত ঐৰাম চৰণ কুমাৰ সিং, বিধায়ক সঞ্জয় কিছান আৰক্ষী অধীক্ষক মুগ্ধ জ্যোতি মহন্ত, অতিৰিক্ত উপায়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগী তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষ্মীনন্দন গগৈকে ধৰি বহু উচ্চ পদস্ত বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত তিনিচুকীয় জিলা উন্নয়ণ প্ৰাধিকৰণৰ আয়ুক্ত ৰীণা মেচে বঁটা আৰু মান পত্ৰৰে পঞ্চায়তখনক সম্বর্ধনা জনায়। পঞ্চায়তখনৰহৈ সভাপতি সুখদেৱ শৰ্মা সম্পাদক ৰঞ্জিত হাজৰিকাই বঁটা গ্ৰহণ কৰে। নিজ উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তখনৰ এই সফলতাৰ বাবে উৎফুল্লিত খণ্ড উন্নয়ন বিষয়া ৰাম চন্দ্ৰ দেউৰীয়ে পঞ্চায়তখনৰ সভাপতি সহ সমূহ বিষয়ববীয়া আৰু কৰ্মকৰ্তাক শুভেচ্ছা জনাইছে । অধিক একাগ্ৰতা আৰু দৃঢ়তাৰে কাম কৰিবলৈ আহ্বান জনাইছে দেউৰীয়ে।

উল্লেখযোগ্য যে, পঞ্চায়তখনে ইতিপূৰ্বে ক্ষীপ্ত গতিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানৰ বাবে তিনিচুকীয়া জিলাৰ ভিতৰত দ্বিতীয় আৰু মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সন্মানীত হৈছে। অন্যহাতে এই পঞ্চায়তখনে সমগ্র পঞ্চায়তখনৰ ৰূপৰেখা আৰু আমাৰ গাঁও, আমাৰ আঁচনিক বিষয়বস্তু হিচাপে লৈ এখনি তথ্যচিত্ৰ প্ৰস্তত কৰি আছে ।

Related Articles

Leave a Reply

Close