অসম

তেজপুৰত ভুপেন হাজৰিকাৰ উপজা দিনৰ উদযাপনৰ প্ৰস্তুতি

প্ৰথম খবৰ, তেজপুৰ: অহা ৮ চেপ্তম্বৰৰ পৰা ১০ চেপ্তম্বৰলৈ অসমীয়া শিল্পী সমাজে কেন্দ্ৰীয়ভাবে আয়োজন কৰিব সুধাকণ্ঠৰ ওপজা দিন ।তেজপুৰৰ জানেলিষ্ট ইউনিয়নৰ সভা কক্ষত অনুষ্ঠিত সংবাদমেলত অসম শিল্পী সমাজৰ কেন্দ্ৰীয় সমিতিৰ হৈ পংকজ বৰদলৈ, গুন মহন্তকে ধৰি বহু কেইজন শিল্পী উপস্থিত থাকি এই কথা জানিবলৈ দিয়ে।

সংবাদ মেলত লগতে জানিবলৈ দি কয় যে, অহা ৮ চেপ্তম্বৰত তেজপুৰৰ কলেজিয়েত খেল পথাৰত দহৰ পৰা পোন্ধৰ হাজাৰ শিল্পীয়ে ভুপেন্দ্ৰ সংগীত পৰিবেশন কৰিব।সংবাদমেলত শিল্পী সমাজে লগতে জানিবলৈ দিয়েযে অসম শিল্পী সমাজ নামকৰণে ৰাজ্যিক ভিত্তিক বটা প্ৰদান কৰা হব বুলিও সংবাদমেলত জানিবলৈ দিয়ে ।

Related Articles

Leave a Reply

Close