অসম

দিল্লীৰ নাৰী ব্যৱসায়ী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ ঢেকীয়াজুলিৰ মহিলা

প্ৰথম খবৰ, ঢেকীয়াজুলি: দিল্লীৰ এটা  নাৰী ব্যৱসায়ী চক্ৰৰ কবলৰ পৰা ঢেকীয়াজুলিৰ এগৰাকী মহিলাক উদ্ধাৰ কৰি আনিছে আৰক্ষীয়ে। ঢেকীয়াজুলি থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰা এই বিবাহিত মহিলাগৰাকী কালি  (২২ আগষ্ট )দিল্লীৰ পৰা আহি নিজ ঘৰত উপস্থিত হোৱাৰ পিছত তেওঁক নাৰী ব্যৱসায়ী চক্ৰৰ ওচৰত বিক্ৰী কৰি থৈ অহা স্থানীয় তিনখৰীয়া চাহ বাগিচাৰ অঁকাবিল লাইনৰ বাসিন্দা মাৰ্কোছ মিঞ্জক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ঢেকীয়াজুলি থানাৰ অন্তৰ্গত ২নং পীৰাকটা গাঁওনিবাসী এটি দাৰিদ্ৰপীড়িত পৰিয়ালৰ এই বিবাহিত মহিলাগৰাকীয়ে সাংবাদিকক জনোৱা মতে,  এটি মাছ ব্যৱসায়ৰ কোম্পানীত মাহে ৯ হাজাৰ টকাৰ দৰমহাৰ  চাকৰি দিয়াৰ কথা কৈ  চলিত বছৰৰ জানুৱাৰী মাহত তেওঁক মুম্বাইলৈ বুলি লৈ গৈছিল তেওঁলোকৰ পৰিয়ালৰ এজন পৰিচিত ব্যক্তি মাৰ্কোছ মিঞ্জে। কিন্তু প্ৰৱঞ্চক মাৰ্কোছে তেওঁক মুম্বাইলৈ নিয়াৰ পৰিৱৰ্তে দিল্লীলৈ নি তাৰ ৰাজৌৰি গাৰ্ডেনত থকা এটা নাৰী ব্যৱসায়ী চক্ৰৰ ওচৰত বিক্ৰী কৰি থৈ আহে।

এই নাৰী ব্যৱসায়ী চক্ৰটোৱে প্ৰথমে তেওঁক পতিতা বৃত্তিত জড়িত হ’বলৈ জোৰজুলুম কৰিছিল। কিন্তু তেওঁ কোনোপধ্যেই এই বৃত্তিত জড়িত হ’বলৈ সন্মত নোহোৱাত অৱশেষত নাৰী ব্যৱসায়ী চক্ৰটোৱে তেওঁক উত্তৰ প্ৰদেশৰ  গাজিয়াবাদৰ এঘৰত বনকৰা মহিলা হিচাপে নিয়োগ কৰে।

উল্লেখযোগ্য যে, গাজিয়াবাদৰ এঘৰত বন কৰা মহিলাৰূপে নিয়োজিত  হ’লেও মাহেকীয়া পাৰিশ্ৰমিক কিন্তু তেওঁ লাভ কৰা নাছিল। এই ঘৰখনত থকা অৱস্থাতে মহিলাগৰাকীয়ে  যোৱা জুন মাহত এদিন সুযোগ উলিয়াই তেওঁৰ ঢেকীয়াজুলিস্থ নিজ গৃহ গাঁৱৰ এজন সচেতন যুৱকক  মোবাইল ফোনযোগে ঘটনাৰ সবিশেষ অৱগত কৰে। নৃপতি চাকলাদাৰ নামৰ এই যুৱকজনে ঢেকীয়াজুলি থানাৰ বিশেষ শাখাৰ বিষয়াক এই বিষয়ে জনোৱাত অৱশেষত আৰক্ষীৰ তৎপৰতাত মহিলাগৰাকীক দিল্লীৰ সেই নাৰী ব্যৱসায়ী চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰাটো সম্ভৱ হৈ পৰে।

ইফালে মহিলাগৰাকীৰ  এজাহাৰৰ ভিত্তিত ঢেকীয়াজুলি আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰা নাৰী সৰবৰাহকাৰী মাৰ্কোছ মিঞ্জক অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা -পোছা অব্যাহত ৰাখিছে ।

Related Articles

Leave a Reply

Close