অসম

দুটাকৈ শিক্ষানুষ্ঠান সুৰক্ষাৰ বাবে নদীৰ পাৰত পূজা অৰ্চনা

প্ৰথম খবৰ, নিউজ ব্যুৰ’: বিহপুৰীয়াত ডিক্ৰং নদীৰ খহনীয়া অব্যাহত। ডিক্ৰং  নদীখনৰ খহনীয়াই লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বিভিন্ন স্থানত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাবে বাহঁগড়া ধূনাগুৰি গাঁওপঞ্চায়তৰ ভলুকাগুৰিত অৱস্থিত দেবেচুথান টাইবেল মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়খনলৈকো তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷

নদীখনৰ বৰ্তমানৰ খহনীয়াৰ গতিবিধিলৈ লক্ষ্য কৰিলে কম সময়ৰ ভিতৰত শিক্ষানুষ্ঠান দুটি নদীৰ বুকুত বিলিন হৈ যোৱাৰ আশংকাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে৷  অঞ্চলটোৰ লগতে বিশেষকৈ শিক্ষানুষ্ঠান দুটি সুৰক্ষাৰ স্বাৰ্থত  স্থানীয় ৰাইজে বিভিন্ন সময়ত জল সম্পদ বিভাগ, মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু জিলা প্ৰশাসনক নদীখনৰ খহনীয়া ৰোধৰ বাবে বাৰম্বাৰ অৱগত কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু খহনীয়া ৰোধৰ নামত কেৱল কেইডালমান বাহঁৰ গোজ পুটিয়েই খহনীয়া ৰোধৰ এখন নাটক ৰচনা কৰি আহিছে৷ এনে পৰিপেক্ষিত্বত শিক্ষানুষ্ঠানকেইখনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক আৰু স্থানীয় চাৰিখনকৈ গাঁৱৰ ৰাইজে   ডিক্ৰং বাবাক তুষ্ট কৰিবৰ বাবে নদীখনৰ পাৰত নাম প্ৰসঙ্গ অনুষ্ঠিত কৰে৷ ৰঙানৈ চেনিমৰা, গংগৰাবাৰী, ভলুকাগুৰি, দহঘৰীয়া গাঁৱৰ ৰাইজে অংশ গ্ৰহণ কৰা এই নাম কীৰ্ত্তন অনুষ্ঠানত স্থানীয় ৰাইজে অসম চৰকাৰৰ জল সম্পদ বিভাগটোক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে অতি শীঘ্ৰে নদীখনৰ খহনীয়া ৰোধৰ দাবী উত্থাপন কৰে৷ ইপিনে নদীখনৰ খহনীয়া ৰোধৰ বাবে যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে কিছুদিন পূৰ্বে জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক গৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও অৱশেষত সেয়াও ফুটুকাৰ ফেনলৈ পৰ্যবসিত হয়। তদুপৰি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা কিছুদিন পূৰ্বে উক্ত অঞ্চলটো সুৰক্ষাৰ বাবে এখন আচঁনি ৰূপায়ন কৰিছিল যদিও সেই আচঁনিখনে সামান্যতমো খহনীয়া ৰোধ কৰিব নোৱাৰিলে৷

সেয়েহে সকলো নেদেখাজনৰ ওপৰত এৰি দি স্থানীয় ৰাইজে আজি নাম প্ৰসঙ্গ অনুষ্ঠিত কৰি ডিক্ৰং বাবাক তুষ্ট কৰাৰ চেষ্টা কৰে৷ ইয়াৰোপৰি গাঁওকেইখনৰ ৰাইজে আজি নাম প্ৰসঙ্গৰ লগতে খহনীয়া ৰোধৰ বাবে গাঁও কেইখনৰ পৰা দুই এপচা সংগ্ৰহ কৰি বাহঁ জেঙেৰে খহনীয়া ৰোধৰ চেষ্টা কৰে। ১৯৬৫ চনতে প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান কেইটালৈ নদীখনৰ খহনীয়াই ভাবুকি সৃষ্টি কৰাত ছাত্ৰ-ছাত্ৰী সকলো চিন্তিত হৈ পৰিছে৷ ছাত্ৰ-ছাত্ৰী সকলেও ৰাজ্য চৰকাৰখনক শিক্ষানুষ্ঠান কেইটা সুৰক্ষাৰ স্বাৰ্থত তাৎক্ষনিক কাৰ্যপন্থা হাতত ল’বলৈ দাবী জনালে৷ আজিৰ এই কাৰ্যসূচীত মিচিং জাতীয় সংগঠন কেইটাৰ একাংশ সদস্যই পূৰ্ণ সহযোগিতা আগবঢ়াই।

 

Related Articles

Leave a Reply

Close