অসম

দেওমৰণৈৰ কৃষকৰ মনত দুখ

প্ৰথম খবৰ,দেওমৰণৈ: বানপানীয়ে সমগ্ৰ ৰাজ্যতে ৰাইজক দিক বিদিক হেৰুৱাই পেলোৱাৰ সময়তে আনফালে শাওণৰ পথাৰত মেলিছে ছিৰাল ফাট ।
দৰং আৰু কালাইগাওঁ সীমামুৰীয়াৰ ভূড়াৰগড় গাওঁ পঞ্চায়তৰ সীমামূৰীয়া
বাঘৰবাৰী গাওঁৰ বৰপথাৰত যদিও নিচেই ওচৰতে সাত বছৰ পূৰ্বে নিৰ্মাণ হোৱা জলসিঞ্চন বান্ধ এটি আছিল যদিও পানী এটুপিও পোৱা নাই সাধাৰণ ৰাইজে তাৰ ফলত হেজাৰ হেজাৰ মাটিত চিৰাল ফাট মেলা দেখা গৈছে । বিমোৰত পৰা কৃষক সকলৰ এতিয়া শেষ ভৰষা ভগৱানৰ ওপৰত।

ইফালে পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ বিয়াগোম কৃষি আৰু জলসিঞ্চন বিভাগৰো খৱৰ লৱলৈ যেন আহৰি নাই বুলিও অভিযোগ তুলিলে ৰাইজে। কৃষি বিভাগৰ গাওঁ সেৱক থাকে যদিও এই মুহুৰ্তলৈ খৱৰ লৱলৈ সময়েই পোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে স্হানীয় ৰাইজে । অসম চৰকাৰৰ কৃষি বিভাগৰ চকু মেল খাবনে কৃষকে আশাৰে বাট চাই আছে ।

Related Articles

Leave a Reply

Close