অসম

দেওমৰনৈত বৰলৰ কামোৰত এজনৰ মৃত্যু

প্ৰথম খবৰ,দেওমৰনৈ: দৰং জিলাৰ দেওমৰনৈ পাতিদৰঙত এজন১৯ বছৰীয়া যুৱকৰ বৰলৰ কামোৰত মৃত্যু । জানিব পৰামতে যোৱাকালি পাতিদৰং গাঁৱৰ যুৱক টিংগুল শৰ্মা নামৰ বিশেষ ভাৱে সক্ষম যুৱক জনক ঘৰত বহি থকা অৱস্থাত ঘৰৰ কাষতে থকা বৰলৰ বাহ এখনত চৰায়ে জোকায় দিয়াৰ ফলত প্ৰায় এশ মান বৰলে আক্ৰমন কৰে।লগে লগে যুৱক জনক চিকিৎসা প্ৰদান কৰে যদিও নিশা যুৱক জনৰ মৃত্যু হয়।যুৱক জনৰ মৃত্যুত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰে ।

Related Articles

Leave a Reply

Close