অসম

দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস : আলফাৰ সুযোগ সন্ধান অপেক্ষাত গেলেকীত 

প্ৰথম খবৰ, শিৱসাগৰ: স্বাধীনতা দিৱসত অসমত বিভিন্ন উগ্ৰপন্থী সংগঠনসমুহে যিকোনো মুহূৰ্ততে কূটাঘাত সংঘটিত কৰিব পাৰে। তাৰ বাবে সকলো দিশত কৌশলগতভাৱে কটকটীয়া তথা নিশ্চিদ্ৰ নিৰাপত্তা গঢ়ি তুলিছে শিৱসাগৰ জিলা প্ৰশাসনে। ইফালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থীসমুহে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ লগতে স্বাধীনতা দিৱসৰ দিনাই তেওঁলোকৰ শক্তি প্ৰদৰ্শনৰ আপ্ৰাণ চেষ্টা কৰি জিলাখনত যিকোনো মুহূৰ্ততে শান্তি শৃংখলা তথা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি গোপন খবৰে শিৱসাগৰ জিলাৰ গেলেকী অঞ্চলত নিৰাপত্তা ব্যৱস্থাটো আৰু অধিক কটকটীয়া কৰি গঢ়ি তুলিছে।

আলফা এটা পাঁচজনীয়া দলে গেলেকীৰ যিকোনো সুগম পথেৰে জিলাখন প্ৰৱেশ কৰাৰ আশংকা কৰিছে। এইলৈ জিলাখনৰ লগতে নাজিৰা মহকুমাৰ প্ৰায়বোৰ স্পৰ্শকাতৰ অঞ্চলসমুহৰ লগতে সীমান্তৱতী অঞ্চল বিশেষকৈ গেলেকীত উগ্ৰপন্থীয়ে কূটাঘাট সংঘটিত কৰা আশংকা কৰি সষ্টম হৈ পৰিছে জিলা প্ৰশাসন। বিশেষকৈ অ এন জি চি অসম সম্পদৰ গুৰুত্বপূৰ্ণ স্থানসমুহৰ ক্ষেত্ৰত অধিক সষ্টম হৈ পৰিছে। জিলাখনৰ সীমামুৰীয়া তথা নাগালেণ্ডৰ কাষৰীয়া কেইবাখনো বৃহৎ চাহ বাগানেৰে আগুৰা গেলেকী অঞ্চল। নাগালেণ্ডৰ দিশৰপৰা যিকোনো সময়ত প্ৰৱেশ কৰি উগ্ৰপন্থীয়ে কূটাঘাট চলোৱাৰ আশংকাত গেলেকী আৰক্ষী, সেনা আৰু অ এন জি চিৰ চি আই এছ এফে একৰ্তিত প্ৰচেষ্টাৰে নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়িতুলিছে।

আৰক্ষীৰ এক বিশেষ সুত্ৰে জানিব পৰামতে, অঞ্চলটোৰ ঔগুৰিজান চাহ বাগিচাৰ দিশেৰে জিলাখনত কুটাঘাটৰ উদ্দেশ্যে আলফাৰ পাঁচজনীয়া এটা দল প্ৰৱেশ চেষ্টা অব্যাহত ৰাখিছে। এনে পৰিস্থিতিতে জিলাখনৰ নাগালেণ্ড সীমাৰ বৰহোলা, আঠখেল, সোণাপুৰ, চৰাইসজীয়া, কমলাবাৰীকে ধৰি অঞ্চলসমুহত সেনা-আৰক্ষী, চি আই এছ এফে সন্মিলিত প্ৰচেষ্টাৰে অভিযান তীব্ৰতৰ ভাৱে গঢ়ি তুলিছে। সাম্ভাব্য সকলো পথত তন্ন-তন্নকৈ তালাচি অব্যাহত ৰখাৰ লগতে সন্দেহজনক লোক, যান- বাহন আদি সকলো দিশত চোকা দৃষ্টি ৰাখি নিৰাপত্তা কটকটীয়া কৰি তুলিছে।

Related Articles

Leave a Reply

Close