অসম

দেৰগাঁৱত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, দেৰগাঁও: দেৰগাঁৱত নিশা পথ দুৰ্ঘটনা। SWIFT DZIRE আৰু TATA DI মুখা মুখি সংঘৰ্ষত চাৰিজন গুৰুতৰভাৱে আহত।
মঙ্গলবাৰে নিশা প্ৰায় দহ বজাত দেৰগাঁৱৰ শান্তিপুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন SWIFT DZIRE আৰু TATA DI ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। AS03T 4247 নম্বৰৰ যোৰহাট অভিমুখী SWIFT DZIRE খনক বিপৰীত দিশৰ পৰা অহা ASO3AC 7931 নম্বৰৰ TATA DI খনৰ মাজত সংঘৰ্ষৰ ফলত ঠাইতে পথৰ দাঁতিত বাগৰি পৰে TATA DI।

আনহাতে SWIFT DZIRE খনৰ চালকসহ চাৰিজন আৰোহী গুৰুতৰভাৱে আহত হয়। এগৰাকী যুৱতী সহ আহত চাৰিজনক ততাতৈয়াকৈ দেৰগাঁৱৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্ত্তি কৰোৱা হয় যদিও দুজনৰ অৱস্থা অতি সংকতজনক। তাৰে এজনৰ কন্ঠনলী চিগিযোৱাত বাকী কেইজন সহ উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেললৈ প্ৰেৰণ কৰে। আহত চাৰিওজন দেৰগাঁৱৰ দাধৰা আহোমগাঁৱৰ একেতা পৰিয়ালৰ অংকুৰীতা চেতীয়া, বিজীত চেটীয়া, সঞ্জীৱ চেটীয়া আৰু সঞ্জয় দত্ত। আনহাতে ঘটনাৰ পাছতেই TATA DI খনৰ চালকজন পলায়ন কৰে। ঘটনাৰ পাছত বহু সময়ধৰি ঘাইপথছোৱাত যান-বাহন আৱদ্ধ হৈ পৰে।

 

Related Articles

Leave a Reply

Close