অসমশীৰ্ষ

দেৱজিৎ মহন্তলৈ “বনমিত্ৰ” উপাধি প্ৰদান

প্ৰথম খবৰ,গুৱাহাটী বিশ্ববিদ্যালয়: বিহপুৰীয়া অঞ্চলৰ বন্যপ্ৰাণী উদ্ধাৰৰ একমাত্ৰ অনুষ্ঠান Assam Wildlife Rescue and Research ৰ উদ্ধাৰকাৰী দেৱজিৎ মহন্তক বনমিত্ৰ উপাধি প্ৰদান কৰি সন্মানিত কৰে অঞ্চলবাসী ৰাইজে। বিহপুৰীয়াৰ ৰাজবাৰীৰ সাৰ্বজনীন তথা জনপ্ৰিয় সুদৰ্শন গোষ্ঠীৰ সৌজন্যত কালি অনুষ্ঠিত হোৱা এটি সাংস্কৃতিক সন্ধ্যাৰ প্ৰাক মূহুৰ্তত দেৱজিৎ মহন্তক এইদৰে সন্মান জনায়। বিগত তিনি চাৰি বছৰ ধৰি বন্যপ্ৰাণী উদ্ধাৰত নিস্বাৰ্থভাৱে ব্ৰতী থকা National Snake Organization ৰ সদস্য দেৱজিৎ মহন্তই ইতিমধ্যে বিভিন্ন সজাগতা শিবিৰৰ আয়োজন কৰি অঞ্চলটোলৈ পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে। প্ৰকৃতিৰ বাবে নিজৰ জীৱনক উৎসৰ্গা কৰা দেৱজিৎ মহন্তৰ দুঃসাহসিক কাৰ্যৰ প্ৰতি সন্মান জনাই সুদৰ্শন গোষ্ঠীৰ পৰামৰ্শদাতা লগতে অঞ্চলটোৰ বিজ্ঞ সমাজকৰ্মী দিগন্ত নেওঁগে সাংস্কৃতিক অনুষ্ঠানটিত উপাধি ঘোষনা কৰে। লগতে ‘বনমিত্ৰ’গৰাকীৰ ভৱিষ্যত জীৱন উজ্বল কামনা কৰি এনেদৰেই তেওঁৰ দায়িত্বসমূহ পালন কৰি যোৱাৰ বাবে উৎসাহ যোগায়।

Related Articles

Leave a Reply

Close