অসম

দৌলাশালত ছাত্ৰীৰ সলিল সমাধি 

প্ৰথম খবৰ, চেঙা: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত আজি আবেলি প্ৰায় পাঁচ বজাত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। ছাত্ৰীগৰাকী ভনিতা বৈশ্য(১৪)বুলি জানিব পৰা গৈছে।

দৌলাশাল হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল ভনিতা। ধৰণী বৈশ্যৰ কন্যা ভনিতা বৈশ্যই চাইকেলেৰে গৈ থকা অৱস্থাত পুখুৰীত পৰাৰ ফলত সলিল সমাধি ঘটে। সম্প্ৰতি ভনিতা বৈশ্যৰ মৃতদেহ দৌলাশাল আৰক্ষী চকীত ৰখা হৈছে। ভনিতা বৈশ্যৰ আকস্মিক মৃত্যুত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Close