Uncategorizedঅসম

দৰং জিলা ছাত্র সন্থাৰ অসম চুক্তি ৰূপায়ণ নকৰাৰ প্ৰতিবাদত অগ্নিশিখা প্ৰজ্বলন

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: আজি সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈ চহৰৰ বৰপুখুৰীৰ পাৰত অসম চুক্তি ৰূপায়নৰ ৩২ বছৰ ওকলি যোৱাৰ পিছতো অসম চুক্তি খন ৰূপায়ণ নকৰাৰ প্ৰতিবাদত আজি ৩২ গছি অগ্নিশিখা প্ৰজ্বলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ৮৫৫ গৰাকী শ্বহীদক শ্ৰদ্ধা জ্ঞাপন কৰে ১ মিনিট মৌন প্ৰাৰ্থনাৰে । অগপকে ধৰি বিগত ৩২ বছৰৰে কোনো এখন চৰকাৰে অসম চুক্তি খন ৰূপায়নৰ ব্যৱস্থা নকৰাৰ বাবে আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশীয়ে ৷ আজিৰ অগ্নিশিখা প্ৰজ্বলনত আন্তঃ মংগলদৈ ছাত্ৰ সন্থা, বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান, বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ৷ সদৌ দৰং জিলা ছাত্র সন্থাৰ অন্তৰ্গত সকলো আঞ্চলিক ছাত্র সন্থাই ৰাজহুৱা স্থানত অগ্নিশিখা প্ৰজ্বলন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৮৫৫ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Related Articles

Leave a Reply

Close