অসম

ধেমাজিত সাংবাদিকক আক্ৰমণ তীব্ৰ গৰিহণা ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ধেমাজিৰ প্ৰাগ নিউজৰ সাংবাদিক ঋতুৰাজ চুতীয়াক ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে কৰা আক্ৰমণৰ ঘটনাক ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ ভাৱে গৰিহণা দিয়ে। সংবিধানৰ চতুৰ্থ স্তম্ভক সকলোৱে সন্মান জনোৱা উচিত তথা সহযোগ কৰা উচিত।

গতিকে ধেমাজি আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ যি কেইজন কৰ্মচাৰীয়ে সংবিধানৰ চতুৰ্থ স্তম্ভৰ এগৰাকী কৰ্মীৰ ওপৰত দাদাগিৰি কৰিলে, অভদ্ৰ ব্যৱহাৰ কৰিলে আৰু আক্ৰমণ কৰিলে তেখেতসকলৰ ওপৰত প্ৰশাসনে অতি শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক বুলি মতপোষণ কৰাৰ লগতে ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই উচিত তদন্তৰ দাবী জনাইছে।

Related Articles

Leave a Reply

Close