অসম

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বটদ্রবা থানত আজি উখল মাখল পৰিৱেশ

প্ৰথম খবৰ,জাজৰি: আজি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ বার্ষিক তিথিৰ উপলক্ষে তেখেতে প্রতিষ্ঠা কৰা বৰদোৱা থানত ৰাতিপুৱাৰে পৰা আগমন ঘটিছে হাজাৰ হাজাৰ ভক্ত। ৰাতিপুৱাৰে পৰা সহস্ৰ ভক্তৰ নাম কীত্তর্নৰ ধ্বনিৰে মুখৰিত হৈছে বৰদোৱা থান।

অসমীয়া জাতিৰ প্রতিষ্ঠাতা শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ তিথিৰ উপলক্ষে গুৰু জনাৰ জন্মস্থান বটদ্রবা থানত বিয়লি এখন দিন ভাওনা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্রান্তৰ পৰা ভক্তৰ লানি নিছিগা হৈছে।

বিশেষ কথাটো হৈছে যে বটদ্রবাৰ লগতে সমগ্র অসম বাসীৰ বাবে এটা সুখবৰ। বটদ্রবা থানলৈ ৰাইজৰ সুবিধার্থে এটা এ.টি.এম আৰু এখন এম্বুলেঞ্চ প্রদান কৰে। উক্ত অনুষ্ঠানটিৰ ভাৰতীয় ষ্টেট বেংকৰ এটি. এম সেৱা উদ্বোধন কৰে অতিৰিক্ত মুখ্য সচিব এম জি কে ভানুৱে। এম্বুলেঞ্চ সেৱাৰ শুভাৰাম্ভ কৰে এচবি আইৰ মুখ্য মহা প্রবন্ধক পি ভি এচ এল এন মুত্তির্য়ে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ষ্টেট বেংকৰ মহাপ্রৱন্ধক এম প্রকাশ মিশ্র, উপ মহাপ্রৱন্ধকদ্বয় বিশ্বেশ্বৰ হালদাৰ আৰু মনজি্ৎ শইকীয়া, বিশিষ্ট সাহিত্যিক ডঃ নৰেন কলিতা, প্রকল্প সঞ্চালক প্রণৱ শৰ্ম্মা, ৰাজহ চক্ৰ বিষয়া মৃণাল বৰা, বটদ্রবা খণ্ড উন্নযন বিষয়া জুৰি শইকীয়া, থান পৰিচালনা সমিতিৰ সহ সম্পাদক যতীন বৰুৱা, কোষাধ্যক্ষ দিলীপ কুমাৰ বৰাৰ লগতে ষ্টেট বেংকৰ কেইবাগৰাকী বিষয়া -কমর্চাৰী উপস্থিত থাকে।

ভাৰতীয় ষ্টেট বেংক, ধিং শাখাৰ সৌজন্যত এটি.এমৰ শুভাৰাম্ভ আৰু এম্বুলেঞ্চ প্রদান অনুষ্ঠান বটদ্রবা থানৰ স্থায়ী প্রেক্ষাগৃহত অনুষ্ঠিত হয়। এফালে কীত্তর্ন ঘৰত নাম কীত্তর্ন চলি থকা সময়তে আনফালে উক্ত উদ্বোধনী কাৰ্যসূচী সুচাৰুৰূপে পৰিচালিত হয়। প্রতেক বছৰৰ দৰে এই বছৰো বণাৰ্ঢ্য কাৰ্যসূচীৰে আয়োজিত হয় মহাপুৰুষ জনাৰ তিৰুভাৱ তিথি।

Related Articles

Leave a Reply

Close