অসম

নগাঁৱৰ কাণ্ডক তীব্ৰ গৰিহনা আটাছুৰ

প্ৰথম খবৰ, চিচিবৰগাঁও: নগাঁৱত বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে সহায় বিচাৰি যোৱা সকলৰ ওপৰত হোৱা আক্ৰমনৰ ঘটনাক আটাছু কেন্দ্ৰীয় সমিতিয়ে এক প্ৰেছ বিবৃতিযোগে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আক্ৰমণকাৰী সকলক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ নগাঁও জিলা প্ৰশাসন আৰু অসম আৰক্ষীৰ ওচৰত দাবী তুলিছে৷

প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰথম খবৰক আটাছুৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে কয় যে, এই আক্ৰমণ কেৱল ছালফাৰ ওপৰত হোৱা আক্ৰমণ নহয়, এই আক্ৰমণ খিলঞ্জীয়াৰ অস্তিত্বৰ ওপৰত আক্ৰমণ৷ এই আক্ৰমণ খিলঞ্জীয়াৰ স্বাভিমানত আক্ৰমণ৷ এই আক্ৰমণ খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি লোৱাৰ চক্ৰান্তৰে শীতল মগজুৱে কৰা আক্ৰমণ ৷ সেয়ে সকলো পক্ষকে এখন যুঁজৰ বাবে ককাঁলত টঙালি বান্ধি সাজু হ’বলৈ আহ্বান জনালো ৷ “তৰিলে দেশ মৰিলে স্বৰ্গ”, জাতীয় ঐক্য জিন্দাবাদ।

Related Articles

Leave a Reply

Close