অসম

নাজিৰাত আৱকাৰী অভিযান, ১৬ জন আটক

প্ৰথম খবৰ, শিমলুগুৰি: নাজিৰা মহকুমা আৱকাৰী বিভাগে ২ আগষ্টৰ পৰা ৫ আগষ্টলৈ মহকুমাটোৰ মাদুৰী চাহবাগিছা, মাদুৰী ১০ নং লাইন, মেকিপুৰ চাহবাগিছা, মেকিপুৰ পাতঘৰ চাৰিআলি আৰু লিগিৰীপুখুৰী চাহবাগিছা এলেকাত ধাৰাবাহিকভাৱে অভিযান চলাই ১৭টা আৱকাৰী গোচৰ ৰুজু কৰি ১৬ জন অবৈধ সুৰা ব্যৱসায়িক আটক কৰে। অভিযানৰ কালচোৱাত আৱকাৰী দলটোৱে ১০৮ লিটাৰ চুলাই মদৰ লগতে বুজন পৰিমাণৰ দেশীয় মদ আৰু মদ বনোৱা সা-সঁজুলী জব্দ কৰে।

Related Articles

Leave a Reply

Close