অসম

নাজিৰাৰ সাংবাদিক সন্থাৰ বান সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, শিমলুগুৰি: নাজিৰা সাংবাদিক সন্থাৰ উদ্যোগত চিন্তামণি গড়ৰ মুকালণি মিছিং গাঁৱৰ বন্যাৰ্তৰ মাজত চাউল, পানী, বিস্কুট, ৰুটি,ল’ৰা ছোৱালীৰ বৃদ্ধ – বৃদ্ধাৰ বাবে কাপোৰ চাবোন মহিলাৰ বাবে নেপকিন আদি বিতৰণ কৰা হয় ।

এই সাহাৰ্য অভিযানত নাজিৰাৰ দিগন্ত বৰগোহাঁই মুনিন্দ্ৰ শইকীয়া, অনন্ত কলিতা, অশ্বিনী সন্দিকৈ, ‘বিকাশ আৰন্ধৰা, নৱ বুঢ়া গোহাঁই, পাৰ্থ বৰুৱা, ৰীতা শইকীয়া,দীপজ্যোতি বৰ গোহাঁই আৰু কেইবা জনো গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰই বন্যাৰ্তৰ মাজত বান সাহাৰ্য প্ৰদান কৰে ৷ এই কাৰ্যসূচীত স্থানীয় সংবাদ কৰ্মী প্ৰকাশ বৰঠাকুৰ আৰু আছুৰ ছাত্ৰ নেতা অমৃত শইকীয়াই সহায়ৰ হাত আগবঢ়ায়।

Related Articles

Leave a Reply

Close