অসম

পদ্মশ্ৰী, নৃত্যাচাৰ্য যতীন গোস্বামী দেৱৰ ৮৫ তম জন্ম বাৰ্ষিকী উদযাপন

প্ৰথম খবৰ, টীয়ক: গুৱাহাটীৰ শিল্পগ্ৰামত অনুস্থিত পদ্মশ্ৰী,নৃত্যাচাৰ্য যতীন গোস্বামী দেৱৰ ৮৫ সংখ্যক জন্মদিৱসৰ বিশাল কাৰ্যসূচীত টীয়কৰ জ্যোতি সংগীত ভাৰতী বিদ্যালয়ৰ তিনিগৰাকী শিল্পীয়ে নৃত্য পৰিৱেশন কৰি সমাদৰ লাভ কৰে৷ পূণ্য দোলাকাষৰীয়াৰ নেতৃত্বত যোৱা তিনিজনীয়া দলটোত আছিল স্নিগ্ধা বৰবৰা, প্ৰিয়াংকিনী বৰা, সুপ্ৰিতী পাঠক৷ এই সকল প্ৰতিনিধিয়ে ৰজাঘৰীয়া চালিনৃত্য পৰিৱেশন কৰে৷ অসমৰ বিভিন্নজন গণ্যমাণ্য ব্যক্তিয়ে অংশ লয় এই অনুষ্ঠানত৷ জ্যোতি সংগীত ভাৰতীৰ অধ্যক্ষা পূণ্য দোলাকাষৰীয়াই যতীন গোস্বামীদেৱৰ সুস্বাস্থ্য কামনা কৰিছে৷

Related Articles

Leave a Reply

Close