অসম

পল্লৱ লোচনক অকমৰ্ণ্য মন্ত্ৰী আখ্যাৰে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

পল্লৱ লোচনক অকমৰ্ণ্য মন্ত্ৰী আখ্যাৰে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

প্ৰথম খবৰ, চিচিবৰগাঁও: অসম চৰকাৰৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ পদত্যাগৰ দাবী।  বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱা পৰিয়ালক অতিশীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ দিয়া আৰু বিদ্যুৎ বিভাগৰ ব্যক্তিগতকৰণৰ বিৰোধীতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি সমগ্ৰ ৰাজ্যজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰকৰে। ধেমাজি টাউন আৰু চিলাপথাৰ টাউনৰ মাজমজিয়াতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শক্তিমন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰে । অানহাতে বিদ্যুতৰ লুকাভাকুয়ে জ্বলাকলা খুৱাইছে সমগ্ৰ ধেমাজি বাসীক,এই অভিযোগ ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। মন্ত্ৰী গৰাকীক অকমৰ্ণ্য আখ্যা দি নিৰ্বাচনৰ আগমুহূৰ্তত ডাঙৰ ডাঙৰ হৰ্ডিং আৰু জনতাৰ সম্মুখত ভাষমাৰি ২৪ ঘণ্টাই বিদ্যুত যোগান ধৰা প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ বিগত সময়ৰ কাম কাৰ্য সমূহকো তীব্ৰ ভাষাৰে সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে ।

Related Articles

Leave a Reply

Close