অসম

পুনৰবাৰ হাতীচুং মহাবিদ্যালয়ত উজ্বলি উঠিল সদৌ অসম ছাত্ৰ সন্থা

প্ৰথম খবৰ, বটদ্ৰৱা: বিগত বৰ্ষৰ দৰে এইবাৰো হাতীচুং মহাবিদ্যালয়ত আজি অনুষ্ঠিত হয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান কাৰ্য্যত ছাত্ৰ ছাত্ৰীৰ অভূতপূৰ্ব সহযোগিতাই সকলোকে উৎসাহী কৰি তোলে।জাজৰি আৰক্ষীৰ সহযোগিতাত সমগ্ৰ ভোটগ্ৰহণ কাৰ্য সম্পূৰ্ণ নিয়াৰিকৈ পৰিচালিত হয়।

উল্লেখযোগ্য যে, আজিৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাৰ্থীসকলে তেওঁলোকক সম্পূৰ্ণভাৱে প্ৰতিহত কৰি বিজয় লাভ কৰিবলৈ সক্ষম হয়। ফলাফল ঘোষণাৰ ঠিক পিছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। বিজয়ী প্ৰাৰ্থী সকলক লৈ ছাত্ৰ-ছাত্ৰী সকলে সমগ্ৰ অঞ্চল জুৰি কৰা এক বাইক ৰেলীৰ দৃশ্য আছিল বৰ মনোৰম। মহাবিদ্যালয় খনিত আজিৰ বিজয়ী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাৰ্থী সকল হ’ল—

সভানেত্ৰী – শ্ৰী তৃষ্ণা শইকীয়া
সাধাৰণ সম্পাদক – শ্ৰী বিশ্বজিৎ লালুং
সহ সাঃ সম্পাদক – শ্ৰী ৰিদীপ কুঃ বৰদলৈ
আলোচনী সম্পাদক – শ্ৰী তন্ময় ভূঞাঁ
সাংস্কৃতিক সম্পাদক – শ্ৰী দীগন্ত নাথ
ক্ৰীড়া সম্পাদক-
পাৰ্থ প্রতিম বৰদলৈ

সদৌ শেষত নগাঁও জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অভিজিত দাসে বিজয়ী ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি উদ্দেশ্যি দিয়া এক চমু বক্তব্যত হাতীচুং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিপন জ্যোতি শৰ্মা, সম্পাদক কংকণ জ্যোতি বৰুৱাৰ লগতে সমূহ কৰ্মকৰ্তা ও বিজয়ী প্ৰাৰ্থীক ধন্যবাদ জ্ঞাপন কৰে।

 

Related Articles

Leave a Reply

Close