অসম

পুৰণিগুদামত দিন ডকাইতি

প্ৰথম খবৰ, পুৰণিগুদাম: নগাঁও জিলাৰ পুৰণিগুদামত আজি দিনদুপৰতে দুজন বাইক আৰোহীয়ে এজন পাচলি বেপাৰীৰ পৰা পিষ্টল দেখুৱাই নগদ ধন লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে,আজি বিয়লি পুৰণিগুদাম গড়মূৰস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰণি মছজিদটোৰ সন্মুখৰ পৰা দুজন মটৰ চাইকেল আৰোহীয়ে এগৰাকী পাচলি ব্যৱসায়ীৰ পৰা পিষ্টল দেখুৱাই নগদ বাৰশ টকা লুটি লৈ যায়৷ পুৰণিগুদামৰ দৰে এটি ব্যস্ত অঞ্চলত দিন দুপৰতে সংঘটিত হোৱা এনে ডকাইতি কাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে দীন ইছলাম শাক-পাচলিৰ ব্যৱসায়ীগৰাকীয়ে ঘটনা সন্দৰ্ভত পুৰণিগুদাম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close